ইংৰাজী নাম ঃ Garlic
বৈজ্ঞানিক নাম ঃ Allium Sativum
নহৰু আমি মচলা হিচাপে ব্যৱহাৰ কৰোঁ যদিও নহৰুৰ বহতো ঔষধি গুণ আছে। আমি ৰাতিপুৱা খালি পেটত এফোটা বা দুফোটা কেঁচা নহৰু খোৱাটো খুবেই উপকাৰী। জানো আহকচোন নহৰুৰ বিষয়ে-
১) নহৰুৱে কফ নাশ কৰিব পাৰে।
২) পোক-পৰুৱাই কামুৰিলে নহৰু লগালে বিষৰ উপশম হয়।
৩) নহৰুৱে দৃষ্টি-শক্তি বৃদ্ধি কৰে।
৪) খজুৱতি , ছালৰ ৰোগ আদি নহৰুৱে নাশ কৰিব পাৰে।
৫) নহৰুৱে স্নায়ু সবল কৰে আৰু স্মৃতি শক্তি বঢ়ায়।
৬) মৃগী ৰোগৰ বাবে নহৰু অতি উপকাৰী।
৭) নহৰুৱে ৰক্ত পৰিষ্কাৰ কৰে , ৰক্ত বৃদ্ধি কৰে আৰু জীৱানু নাশ কৰিব পাৰে।
৮) শ্বাস-প্ৰশ্বাস জনিত ৰোগীৰ কাৰণে নহৰু উপকাৰী।
৯) নহৰুৱে মহ , মাখি আদি অপসাৰিত কৰিব পাৰে।
১০) নহৰুৱে হাড় জোৰা লগোৱাত সহায় কৰে আৰু হাড় মজবুত কৰে।
১১) নহৰুক মৰ্তৰ অমৃত বুলি কোৱা হয়।
কৰ্কটৰোগ , উচ্চ ৰক্তচাপ , হৃদৰোগ , মেদৰোগ , বহুমূত্ৰ , অজীৰ্ণৰোগ , পক্ষাঘাত , কুষ্ঠৰোগ , বাতৰোগ , নিউমোনিয়া , পানী লগা , ইনফ্লুয়েঞ্জা , বাহুবিষ , পেটৰবিষ , ব্ৰংকাইটিছ , হাঁইফাঁই আদি ৰোগ সমূহ নহৰুৱে প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে।