মচজিদৰ শিক্ষক হিচাপে কাম কৰাৰ চলেৰে অসমৰ যুৱকক উগ্ৰবাদী সংগঠনত ভর্ত্তি কৰাবলৈ বাংলাদেশৰ পৰা আৰম্ভ হৈছে ষড়যন্ত্ৰ ৷ বিশেষকৈ আল কাইদাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলা জেহাদী সংগঠনৰ সদস্য ভর্ত্তি চলিছে অসমত ৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ খবৰৰ ভিত্তিত চলোৱা এক অভিযানত বৰপেটা আৰক্ষীয়ে ৫জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য ৷বৰপেটা আৰক্ষীয়ে যোৱা নিশা হাউলি, বৰপেটা আৰু কালগাচিয়াৰ পৰা এই লোকেইজনক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে চাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ @ মহম্মদ সুমন,খাইৰুল ইছলাম,ৰজা চুলেইমান খান,নৌশাদ আলী আৰু তিমুৰ ৰহমান খান ৷
ইয়াৰে চাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ @ মহম্মদ সুমন বাংলাদেশৰ নাগৰিক ৷ তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ঢাকলিয়াপাৰা মছজিদৰ শিক্ষক হিচাপে কাম কৰি আছিল। চাইফুল ইছলামে চাৰিজন যুৱকক জেহাদী কার্যকলাপত জড়িত কৰাইছিল ৷