আজি ভাৰতীয় সাহিত্য জগতৰ এগৰাকী বিখ্যাত সাহিত্যিক সচ্চিদানন্দ হীৰানন্দ ৱৎসায়নৰ ওপজা দিন । হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা সচ্চিদানন্দ ৱৎসায়ন ‘অজ্ঞেয়’ নামেৰে অধিক জনপ্ৰিয় । তেওঁ একাধাৰে কবি, ঔপন্যাসিক, সাহিত্য সমালোচক, সাংবাদিক আৰু অনুবাদক আছিল । তেওঁ এগৰাকী মুক্তি যুঁজাৰুও আছিল ।
১৯১১ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ আগ্ৰাত জন্ম লাভ কৰা ‘অজ্ঞেয়’ই হিন্দী কবিতা, গল্প, সাহিত্য সমালোচনা আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নতুন ধাৰাৰ সৃষ্টি কৰিছিল । আধুনিক হিন্দী সাহিত্যত তেওঁক প্ৰয়োগবাদৰ (এক্সপেৰিমেণ্টেলিজম) বাটকটীয়া বুলি কোৱা হয় । হিন্দী সাহিত্যত নয়ী কবিতা (সপ্তক) নামেৰে তেওঁ এক নতুন কাব্য ধাৰাৰ সৃষ্টি কৰিছিল । বিশেষ সাহিত্য কৃতিৰ স্বীকৃতি স্বৰূপে তেওঁক সাহিত্য অকাডেমিৰ উপৰি জ্ঞানপীঠ বঁটাও প্ৰদান কৰা হয় । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।