ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ বাবে ইউক্ৰেইনৰ যুদ্ধভূমিত আৱদ্ধ হৈ পৰা ভাৰতীয় শিক্ষার্থীসকলৰ বাবে আছে এক সুখবৰ ৷ বিশেষকৈ যুদ্ধৰ আটাইতকৈ বেছি প্ৰভাৱ পৰা পশ্চিম ইউক্ৰেইনত আৱদ্ধ শিক্ষার্থীসকলে দেশলৈ ওভতি অহাৰ ক্ষেত্ৰত শীঘ্ৰে পথ প্ৰশস্ত হ’ব ৷ মুলত চুমি,কিয়েভ, খাৰকিভ আৰু মাৰিঅ’প’লত আৱদ্ধ শিক্ষার্থীসকলৰ বাবে আছে এই সুখবৰ ৷ চহৰকেইখনত আৱদ্ধ হৈ থকা বিদেশী লোকসকলক উদ্ধাৰৰ বাবে সাময়িক ভাৱে ৰাছিয়াই ঘোষণা কৰিছে যুদ্ধবিৰতি ৷ এই লোকসকলৰ স্বার্থত ৰাছিয়াই মুকলি কৰিব মানৱীয় ক’ৰিডৰ ৷ আন্তঃৰাষ্টীয় সময় অনুসৰি সোমবাৰে দিনৰ ১২.৩০ বজাৰ পৰা যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগতেমুকলি কৰা হ’ব এই ক’ৰিডৰ ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ব্যক্তিগত অনুৰোধত এই সিদ্ধান্ত গ্ৰহন কৰিছে ৰাছিয়াই ৷ মাৰিঅ’প’লত আজি দ্বিতীয় দিনাও যুদ্ধবিৰতি ভংগ কৰাৰ বাবে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই চহৰখনত বিজুলী আৰু পানী নোহোৱাকৈ লোকসকলে যথেষ্ট কষ্টৰ মাজেৰে দিন-নিশা কটাবলগীয়া হৈছে ৷
যিসকলে কিয়েভ এৰিব বিচাৰে তেওঁলোককো বিমানেৰে ৰাছিয়ালৈ লৈ যাব পাৰিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰি কয় যে ই স্থানান্তৰ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিব ৷আৰআইএ সংবাদ সংস্থাৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, কিয়েভৰ পৰা এই কৰিডৰে বেলাৰুছলৈ লৈ যাব ৷ খাৰকিভৰ অসামৰিক লোকসকলৰ বাবে কেৱল ৰাছিয়ালৈ যোৱা এটা কৰিডৰ থাকিব। মাৰিঅ’প’ল আৰু চুমিৰ কৰিডৰে ইউক্ৰেইনৰ আন চহৰ আৰু ৰাছিয়ালৈ লৈ যাব আৱদ্ধ লোকসকলক ।