ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণে ১২ দিন অতিক্ৰম কৰাৰ পাছত দেশখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৷ ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণৰ পাছতো দেশ এৰি পলায়ন কৰা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে ৷ কিন্তু ৰাছিয়াৰ আক্ৰমণত ৰাষ্ট্ৰপতি গৰাকী নিহত হ’লে কি হ’ব দেশখনৰ ? এয়া হয়তো সকলোৰে মনত উত্থাপিত হোৱা প্ৰশ্ন ৷ জেলেনেস্কিৰ অবিহনে কোনে নেতৃত্ব দিব দেশখনক ? নে ৰাচিয়াৰ দখললৈ যাব ইউক্ৰেইন ? এনে প্ৰশ্নসমূহ উত্থাপিত হোৱাৰ সময়তে আন এক দাবী উত্থাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ৷
তেওঁ দাবী কৰা অনুসৰি ৰাছিয়াৰ দ্বাৰা ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিক হত্যা কৰিলেও চৰকাৰৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে ইউক্ৰেনীয়ান সকলৰ হাতত আছে বিকল্প পৰিকল্পনা ৷ সংবাদ মাধ্যমৰ সন্মুখত ব্লিঙ্কেনে কয় যে তেওঁ এদিন আগতে ইউক্ৰেইনত আছিল আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাক সাক্ষাৎ কৰিছিল। বিতংভাৱে এই তথ্য সদৰী নকৰাকৈ তেওঁ কয় যে চৰকাৰৰ ধাৰাবাহিকতাৰ বাবে তেওঁলোকৰ পৰিকল্পনা আছে। এই সাক্ষাৎকাৰতে ব্লিঙ্কেনে ৰাষ্ট্ৰপতি জেলেনস্কি আৰু তেওঁৰ চৰকাৰে দেখুওৱা নেতৃত্বৰ প্ৰশংসা কৰে। উল্লেখ্য যে ৰাষ্ট্ৰপতি জেলেনস্কিক ১২ দিন ধৰি ৰাছিয়াই চলোৱা আক্ৰমণৰ সময়ত কমেও তিনিবাৰ হত্যাৰ প্ৰচেষ্টাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হত্যা কৰিবলৈ দুটা পৃথক গোট ৱাগনাৰ গোট আৰু চেচেন বিদ্ৰোহীক ৰাছিয়াই প্ৰেৰণ কৰিছে ।