গুৱাহাটী মহানগৰীত নবীকৰণ অবিহনে চলাচল কৰি থকা স্কুল বাছ সমূহৰ বিৰুদ্ধে কামৰূপ(ম) জিলা পৰিবহন বিভাগে ১৫ মাৰ্চৰ ভিতৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত জিলা পৰিবহন বিভাগে ৰাইজক শীঘ্ৰেই তেওঁলোকৰ বাহন সমূহৰ প-পত্ৰ নবিকৰণ কৰাৰ বাবে অনুৰোধ জনোৱাৰ লগতে বকেয়া পৰিশোধ কৰাৰ বাবেও আহ্বান জনাইছে ৷
পৰিবহন বিভাগৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ ১২০০খন স্কুল বাছৰ ভিতৰত মাত্ৰ পাঁচশ খন বাছৰ গৰাকীয়েহে ইতিমধ্যে বকেয়া সহ প-পত্ৰ নবীকৰণৰ কাম সম্পন্ন কৰিছে ৷ আনহাতে ৭০০খন বাছৰ বকেয়া সহ প-পত্ৰ নবীকৰণ নোহোৱাৰ ফলত প্ৰায় ১০কোটি টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈ আছে সংশ্লিষ্ট বিভাগ৷
জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰী সকল অসুবিধাৰ সন্মূখীন হ’ব বুলি চিন্তা কৰি তেওঁলোকে এতিয়ালৈকে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই ,কিন্তু ১৫ মাৰ্চৰ পৰা এইক্ষেত্ৰত কোনো ধৰণৰ সুযোগ দিয়া নহ’ব স্কুল বাছ কৰ্তৃপক্ষক ৷
আনহাতে আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ সম্পাদক ৰফিকুল ইছলামে জানিবলৈ দিয়া মতে এই ক্ষেত্ৰত স্কুল বাছ সমূহৰ প-পত্ৰ নবীকৰণ নকৰা সকলক ১০,০০০টকাৰ জৰিমনা বিহাৰ লগতে বকেয়া পৰিশোধ নকৰা সকলে পৰিশোধ কৰিব লাগিব ৫,০০০টকাৰ জৰিমনা