ৰাছিয়াই আক্ৰমণ অব্যাহত ৰখাৰ সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিৰ সৈতে আজি মত বিনিময় কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজি পুৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে কথা পাতে মোদীয়ে ৷ দুয়োগৰাকী নেতাই প্ৰায় ৩৫ মিনিট ধৰি টেলিফোনযোগে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধ বিৰতিৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা প্ৰত্যক্ষ আলোচনাৰ প্ৰশংসা কৰে ৷ ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাত তেওঁৰ চৰকাৰে কৰা সহায়ৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপন কৰে মোদীয়ে ৷
চৰকাৰী সূত্ৰই এই সন্দর্ভত কয় “প্ৰধানমন্ত্ৰী মোদীয়ে চুমিৰ পৰা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে চলি থকা প্ৰচেষ্টাত ইউক্ৰেইন চৰকাৰৰ পৰা সহায় বিচাৰে ৷” উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতে ৷ ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ পিছত যোৱা ২৬ ফেব্ৰুৱাৰীত দুয়ো গৰাকী নেতাই কথা পাতিছিল। ইপিনে আজি বিয়লি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ সৈতে কথা পাতিব ৷ যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিতীয় কথোপকথন ৷