নেচনেল ষ্টক এক্সচেঞ্জৰ (এনএছই) প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণক চি বি আইয়ে আজি গ্ৰেপ্তাৰ কৰে ৷ ভাৰতৰ সৰ্ববৃহৎ শ্বেয়াৰ বজাৰত গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ লগতে হিমালয়ৰ এজন যোগীক গোপনীয় তথ্য প্ৰদান কৰাৰ অভিযোগত তেওঁক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূর্বে ৰামকৃষ্ণই জামিন বিচাৰি দিল্লীৰ এখন আদালতৰ দ্বাৰস্থ হৈছিল যদিও তেওঁৰ আৱেদন নাকচ কৰা হয় ৷ ইয়াৰ পাছতে চিত্ৰাক গ্ৰেপ্তাৰ কৰে চি বি আইয়ে ৷
উল্লেখ্য যে যোৱা মাহত”হিমালয়ৰ যোগী” নামেৰে জনাজাত আনন্দ সুব্ৰমনিয়াম নামৰ ষ্টক এক্সচেঞ্জৰ প্ৰাক্তন বিষয়াজনক কেতবোৰ ভিতৰুৱা তথ্য প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল চিত্ৰাৰ বিৰুদ্ধে ৷ ছেবিৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছিল এই তথ্য ৷ এই ব্যক্তিজনৰ হেচাত চিত্ৰাই এন এছ ইৰ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ চিত্ৰ ৰামকৃষ্ণক সোমবাৰে চিবিআই আদালতত আনন্দ সুব্ৰমনিয়ামৰ সৈতে একেলগে হাজিৰ কৰা হ’ব। সংস্থাটোৱে তেওঁলোক দুয়োকে একেলগে জেৰা কৰাৰ সম্ভাৱনা আছে ৷ তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰিবলৈ অস্তিত্বহীন ‘যোগী’ৰ তেওঁলোকে পৰিচয় দিছিল বুলিও সন্দেহ কৰা হৈছে । সংস্থাটোৱে যোৱা মাহত চিত্ৰাক ২০১৮ চনত ৰুজু হোৱা গোচৰটোত চাৰি দিন জেৰা কৰিছিল ৷ চিত্ৰাই প্ৰদান কৰা এন এছ ইৰ গোপনীয় তথ্য লাভ কৰি লাভৱান হোৱা সকলক বিচাৰি অভিযান চলাব চি বি আইয়ে ৷