আজি প্ৰখ্যাত ভাৰতীয় সাহিত্যিক হৰিনাৰায়ণ আপ্তেৰ ওপজা দিন । ১৮৬৪ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ পৰোলাত জন্ম লাভ কৰিছিল বিশিষ্ট মাৰাঠী সাহিত্যিকগৰাকীয়ে । সমসাময়িক সমাজখনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰি লিখা তেওঁৰ গল্প আৰু উপন্যাসসমূহে মাৰাঠী সাহিত্যত এক নতুন মাত্ৰা প্ৰদান কৰিছিল । তেওঁ ব্যংগ ৰচনা আৰু নাটকো লিখিছিল ।
১৯১২ চনত একোলাত অনুষ্ঠিত অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনতো তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ মাৰাঠী সাপ্তাহিক কাকত ‘কৰ্মানুক’ৰ প্ৰতিষ্ঠাপক আছিল । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।