অসমৰ চুকে কোণে দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে লাভ জেহাদৰ ঘটনা ৷ এইবাৰ লাভ জেহাদৰ বলী হৈছে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী তামুলপুৰৰ ১৫ বছৰীয়া কিশোৰী আজুমায়া কাটোৱাল ৷
৫ফেব্ৰুৱাৰী শণিবাৰ,সৰস্বতী পূজাৰ দিনটোতে বিয়লি দুই বজাৰ পৰা নিৰুদ্দেশ হয় তামুলপুৰৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত অম্ৰিচ নগৰৰ দেওচুঙা গাঁৱৰ বাসিন্দা দিল বাহাদুৰ কাটোৱালৰ কন্যা আৰু সূৰ্য বাহাদুৰৰ ভগ্নী আজুমায়া কাটোৱাল নামৰ কিশোৰী গৰাকী ৷ স্থানীয় লোক সকলৰ ভাষ্য অনুসৰি লাভ জেহাদৰ বাবে সংঘটিত হৈছে এই ঘটনা ৷ আনহাতে পৰিয়ালৰ লোকে দাবী কৰা মতে আজিজুল হুছেইন নামৰ এজন যুৱকে সৰস্বতী পূজাৰ দিনাই ফুচুলাই লৈ যায় আজুমায়াক ৷
জানিবপৰা মতে নিৰুদ্দেশ হোৱাৰ পিছত কিশোৰী গৰাকীয়ে মাকক এটা মোবাইল নম্বৰৰ পৰা যোগাযোগ কৰিছিল ৷উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷