নাটো(নর্থ আটলাণ্টিক ট্ৰিট্ৰি অর্গেনাইজেচন)ৰ সদস্য পদ ল’বলৈ কৰা আগ্ৰহৰ বাবে ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিছিল ইউক্ৰেইনৰ ওপৰত ৷ কিন্তু ৰাছিয়াই আগ্ৰাসীভাৱে ৰাছিয়াই আক্ৰমণ কৰা সত্বেও নাটো বাহিনীয়ে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ অমান্তি প্ৰকাশ কৰিছে ৷ যাৰ বাবে ক্ৰমাৎ যেন নাটোৰ প্ৰতি ক্ৰমাৎ মোহভংগ ঘটিছে ইউক্ৰেইনৰ ৷ যাৰ বাবে এতিয়াৰ পৰা আৰু নাটো বাহিনীৰ সদস্যপদ গ্ৰহণৰ বাবে ইউক্ৰেইনে প্ৰচেষ্টা নচলাই বুলি প্ৰকাশ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে ৷ সংবাদ মাধ্যমেত এক সাক্ষাৎকাৰত তেওঁ কয় যে ইউক্ৰেইনৰ নাটো সদস্যপদৰ বাবে আৰু হেঁচা নিদিয়ে ৷
আনহাতে ,যোৱা ২৪ ফেব্ৰুৱাৰীত আক্ৰমণ আৰম্ভ কৰাৰ পূর্বে ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে স্বতন্ত্ৰ হিচাপে স্বীকৃতি দিয়া বিচ্ছিন্নতাবাদীৰ দখলত থকা দুই অঞ্চলক লৈ আলোচনা কৰিবলৈ সাজু বুলিও জেলেনেস্কিয়ে প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়- নাটো বিতর্কৰ আৱর্তত সোমাব নিবিচাৰে আৰু ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ভয় কৰে ৷ নাটোৰ সদস্যপদৰ কথা উল্লেখ কৰি জেলেনস্কিয়ে কয় যে ভিক্ষা খুজি কিবা লোৱা এখন দেশৰ তেওঁ ৰাষ্ট্ৰপতি হ’ব নিবিচাৰে ৷উল্লেখ্য যে ৰাছিয়াই চুবুৰীয়া দেশ ইউক্ৰেইনে নাটোত যোগদান কৰাটো কেতিয়াও বিচৰা নাই ৷