ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত পুনৰ আক্ৰমণৰ বাবে তৎপৰ হৈ পৰিছে ৰুছ সেনা বাহিনী ৷ ৰুছ বাহিনীয়ে কিয়েভত মিছাইল আক্ৰমণ কৰাৰ আশংকা কৰিছে ইউক্ৰেইন প্ৰশাসনে ৷ আজি পুৱাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত মিছাইল আক্ৰমণৰ সতর্কতা জাৰি কৰি এয়াৰ এলার্ট বাজি উঠিছে ৷ আৱাসীসকলক জৰুৰী ভিত্তিত সুৰক্ষিত আশ্ৰয়স্থলত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে ।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টেলিগ্ৰামৰ জৰিয়তে আঞ্চলিক প্ৰশাসনৰ মুৰব্বী অলেক্সি কুলেবায়ে কয় যে চহৰখনত মিছাইল আক্ৰমণৰ আশংকা কৰা হৈছে ৷
ইয়াৰ লগে লগে ৰাছিয়াই তৃতীয়বাৰৰ বাবে নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বাবে যুদ্ধবিৰতি চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন ।আজভ সাগৰে আৱৰি ৰখা থকা মাৰিঅ’পল চহৰখন কেইবাদিনো ধৰি ৰাছিয়াৰ সৈন্যই আগুৰি আছে ৷দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত আটাইতকৈ শোচনীয় শৰণাৰ্থী সংকটৰ সৃষ্টি হৈছে ৷ সমান্তৰালভাৱে ৰা সামৰিক অভিযান আৰম্ভ কৰাৰ পাছতে ৰাছিয়াৰ বিৰুদ্ধে কেইবাখনো দেশে অভূতপূৰ্ব নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এদিন পূর্বে আমেৰিকাই ৰাছিয়াৰ তেল আৰু গেছ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷