নাৰী শক্তিলৈ প্ৰণিপাত জনাই ২০২২ বৰ্ষৰ ৮ মাৰ্চ তাৰিখে কামৰূপ(ম) জিলাৰ ‘ৱাৰিয়ৰ্চ বেলতলা আঞ্চলিক সমিতি’য়ে এক ব্যতিক্রমী প্ৰচেষ্টাৰে উদযাপন কৰে নাৰী দিৱস ৷ সমাজৰ আগশাৰীৰ লেখিকাকে আদি কৰি পদপথৰ মহিলা ক্ষুদ্ৰ ব্যৱসায়ী, ডাষ্টবিন পেলাই আমাৰ চৌপাশ আবৰ্জনা মুক্ত কৰা , হাজিৰা কামকৰি ঘৰখনক পোহপাল দিয়া , চিকিৎসালয়ত ৱাৰ্ড গাৰ্ল হিচাপে সেৱা আগবঢ়োৱা, গুদাম, পেট্রল পাম্প আদিত কাম কৰা ঘৰখনক আৰ্থিক ভাৱে আগবঢ়াই নিয়া কেইবাগৰাকীও মহিলাক গছপুলি, গামোচা, শাৰী আদিৰে সন্মান জনাই বেচৰকাৰী সংস্থাটোৱে ।
নাৰী দিৱসৰ এই ব্যতিক্ৰমী অনুষ্ঠানত উপস্থিত থাকে বেলতলা আঞ্চলিকৰ উপদেষ্টা হিমন্ত গগৈ, সভাপতি নিহাৰ দাস, সম্পাদিকা মুন গগৈ, বিত্ত সম্পাদিকা নাজলীন আহমেদ, জনসংযোগ সম্পাদিকা অৰ্পণা ডেকা তালুকদাৰ আৰু সক্ৰিয় সদস্যা নাজমিন আহমেদ।