আজি ভাৰতৰ বিশিষ্ট মহাকাশ বিজ্ঞানী উডুপী ৰামকৃষ্ণ ৰাওৰ ওপজা দিন । ১৯৩২ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল ভাৰতীয় মহাকাশ গৱেষণা সংগঠনৰ (ISRO) প্ৰাক্তন অধ্যক্ষ । থিৰুৱনন্থপুৰমত থকা ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰো (IIST) তেওঁ আচাৰ্য আছিল ।
১৯৭৫ চনত ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ প্ৰেৰণৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল । সেইবাবে তেওঁক Satellite Man of India বুলি কোৱা হয় । তেওঁৰ এই বিশেষ অৱদানৰ বাবে তেওঁক পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয় । এইগৰাকী মহাকাশ বিজ্ঞানীলৈ আমাৰ প্ৰণাম ।