মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূৰ্বাঞ্চল বাসীক এইবাৰ ফল্গুৎসৱত দিব এক সুন্দৰ উপহাৰ ৷শ্বহীদ অচফাফ উল্লা চিৰিয়াখানালৈ পৰ্যটক সকলক মনোৰঞ্জন দিবৰ বাবে অসমৰ পৰা নিয়া হ’ব এহাল গঁড় ৷ শুক্ৰবাৰে গঁড়হাল নিবলৈ গুৱহাটীলৈ ৰাওনা হ’ব চিৰিয়াখানাৰ বন্য প্ৰাণী বিশেষজ্ঞ ডাঃ যোগেশ প্ৰতাপ সিং ৷
অসমৰ পৰা গোৰখপুৰলৈ গঁড় কেইটা লৈ যোৱাৰ পিছত উত্তৰ প্ৰদেশৰ চিৰিয়াখানাত মুঠ গঁড়ৰ সংখ্যা হ’ব ৫টা ৷ বৰ্তমান কানপুৰৰ চিৰিয়াখানাত আছে এজনী মাইকী গঁড় মানু আৰু তাইৰ দুটা পোৱালি পৱন আৰু কৃষ্ণা ৷
জানিব পৰা মতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ যোগে চাৰিটা গঁড় বিচাৰি অনুৰোধ জনাইছিল ৷ এহাল লক্ষ্ণৌ আৰু এহাল গোৰখপুৰৰ বাবে ৷ কিন্তু বৰ্তমান সময়ত গুৱাহাটী চিৰিয়াখানাই গোৰখপুৰ চিৰিয়াখানাক এহাল গঁড় হে দিবলৈ মান্তি হয় ৷
দুখন ট্ৰাকত গঁড় হালে ১২৫০কি:মি:ৰ এক সুদীৰ্ঘ যাত্ৰা কৰি ১৯ মাৰ্চত গোৰখপুৰ পাবগৈ ৷প্ৰতি তিনিঘণ্টাৰ যাত্ৰাৰ পিছত জিৰণি দিয়া হ’ব গঁড় হালক ৷ ইতিমধ্যেই অসমৰ গঁড় হালক আদৰি নিবলৈ সকলো ধৰণেৰে সাজু হৈ উঠিছে তেওঁলোক ৷ আনহাতে স্থলপথেৰে গঁড়হালক নিবৰ বাবে কেন্দ্ৰীয় প্ৰাণী উদ্যান প্ৰাধিকৰণেও প্ৰদান কৰিছে অনুমতি ৷
এতিয়া অসমৰ দুই গঁড়ক আদৰিবলৈ আপেক্ষাৰত লক্ষ্ণৌ প্ৰাণী উদ্যান ৷