সাধাৰণতে এচিয়া মহাদেশত উপলব্ধ ঔটেঙা বা এলিফেন্ট এপ‘ল আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী আমি হয়তো নাজানো বা জানিবলৈও চেষ্টা নকৰো।
এচিয়া মহাদেশৰ ভিতৰত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়। ঔটেঙাৰ বিভিন্ন ব্যঞ্জন ঔটেঙাৰ জোল, দালি ঔটেঙা ,ঔটেঙাৰ আচাৰ,ঔটেঙাৰ টেঙা-মিঠা ছাটনি, ঔটেঙাৰ চৰবত ,আনকি পকা ঔটেঙা কেঁচাকৈও আমাৰ থলুৱা সমাজত সৰ্বাধিক খোৱা দেখা যায়।
অকল মানুহৰে নহ‘য় হাতীৰো এবিধ প্ৰিয় ফল হৈছে ঔটেঙা।সেইবাবেই ঔটেঙাক ইংৰাজীত এলিফেন্ট এপ‘ল বুলি কোৱা হ‘য়।হাবি-জংঘলত বেছিকৈ পোৱা ঔটেঙাৰ অভাৱৰ বাবেই আজি হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ অন্য কাৰণ বুলি ক‘ব পাৰি।
এই ঔটেঙাৰ আছে বহুত স্বাস্থ্য উপকাৰী গুণ।বিভিন্ন গৱেষণাত এইকথা প্ৰকাশ যে নিয়মিত ঔটেঙা খালে বিভিন্ন ৰোগ আৰু ইয়াৰ উপসৰ্গ সমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।
হৃদযন্ত্ৰৰ বাবে অতিকৈ উপকাৰী ঔটেঙাত প্ৰচুৰ পৰিমাণে পটাচিয়াম থকাৰ বাবে তেজৰ কলেষ্টেৰল হ্ৰাস পায় আৰু হৃদয়ৰ গতি স্থিৰ কৰি ৰাখে। ফলত হৃদযন্ত্ৰ মজবুত, সুঠাম হৈ থাকে।
ডায়েবেটিচ ৰোগীয়ে নিয়মিত ঔটেঙা খালে ভৱিষ্যতে হ‘ব পৰা অনান্য উপসৰ্গ সমূহৰ পৰা বাচি থাকিব পাৰে।যিহেতু ঔটেঙাই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
ঔটেঙাত থকা চি আৰু ই ভিটামিনে মানুহৰ শৰীৰত কলাজেন প্ৰটিনক পৰিপুষ্টি প্ৰদান কৰি ছালৰ সতেজতা আনে। যাৰফলত কোনো এজন মানুহ বহু দিনলৈ চিৰ যৌৱন হৈ থাকিব পাৰে।
ইয়াৰোপৰি ঔটেঙা খালে টোপনি ভাল হ‘য়।সেইবাবে ই মানসিক চাপ হ্ৰাস কৰি স্মৃতি শক্তি বৃদ্ধি কৰি মানুহক মানসিক সুস্থিৰতা প্ৰদান কৰে।কিয়নো ইয়াত চেপুটিন আৰু টেনিন আদি উপাদান উপলব্ধ ।
এন্টি অক্সিডেন্ট সমৃদ্ধিশালী ঔটেঙা খালে বৃক্কৰ ৰোগ কমকৈ হ‘ব পাৰে। কিয়নো ইয়াত থকা এন্টি অক্সিডেন্ট বোৰে দেহত জমা হোৱা বিষাক্ত দ্ৰব্য ফ্ৰি ৰেডিকেল সমূহ নিষ্কাশন কৰি বৃক্ক দুটি সৱল কৰি ৰাখে।
ঔটেঙাত থকা ভিটামিন এ য়ে মানুহৰ চকুৰ দৃষ্টি শক্তি অটুত ৰখাত সহায় কৰে।সেইয়ে দৈনিক ঔটেঙা খোৱাৰ অভ্যাস কৰিলে চকুৰ দৃষ্টি শক্তি বহুদিনলৈ ভাল কৰি ৰাখিব পাৰি।
ঔটেঙা পেটৰ বাবে অতিকৈ উপকাৰী ফল। পেটৰ বিভিন্ন ৰোগ ডায়েৰীয়া,পেট চলা ,গেছ আৰু পুৰণি কলেৰা ৰোগ আদি নিৰ্মূল কৰাত ঔটেঙাই উল্লেযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰা ঔটেঙাত প্ৰচুৰ চি, ই, আৰু এন্টি অক্সিডেন্ট থকাৰ বাবে মাৰাত্মক কেন্সাৰ প্ৰতিৰোধ কৰাতো ঔটেঙাই বিশেষ ভূমিকা গ্ৰহণ কৰে।
ঔটেঙাৰ এই ঔষধি গুণ সমূহ সাধাৰণ তথ্যৰ ওপৰতহে আধাৰিত । সেইয়ে এইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ একান্ত বাঞ্চনীয়।