ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ অৱসান বিচাৰি দুয়োখন দেশৰ মাজত আলোচনা অব্যাহত আছে ৷ কেইবালানি বৈঠক অনুষ্ঠিত হৈছে যদিও বর্তমানলৈ কোনোধৰণৰ সমাধানসূত্ৰ উলিয়াব পৰা নাই ৷ইয়াৰ মাজতে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ইউক্ৰেইনৰ সাধাৰণ অধিবক্তাৰ কাৰ্যালয়ৰ মতে, ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত প্ৰায় ৯০ টা শিশু নিহত হোৱাৰ লগতে ১০০ ৰো অধিক আহত হৈছে।
আনহাতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখলৰ পৰা ৰুছ বাহিনীয়ে অধিক আগ্ৰাসী ৰূপত আৰম্ভ কৰিছে আক্ৰমণ ৷ আজি কিয়েভত কমেও তিনিটা শক্তিশালী বিস্ফোৰণ সংঘটিত হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ৯০০ তকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা অলেক্সি আৰেষ্টোভিচে কৈছে যে মে মাহৰ আৰম্ভণিতে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আক্ৰমণ সমাপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ মাৰিয়পোল নগৰ পৰিষদে নিশ্চিত কৰিছে যে ১৪ মাৰ্চলৈকে হোৱা যুদ্ধৰ ফলত চহৰখনৰ প্ৰায় ২,৩৫৭ জন লোকৰ মৃত্যু হৈছে ৷