অলিম্পিকত পদক নিশ্চিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইলৈ অসম চৰকাৰৰে আগবঢ়ালে বিশেষ উপহাৰ। ৰাজ্য চৰকাৰৰ ঘোষণা অনুসৰি অসম কন্যাৰ এই সফলতাৰ বাবে প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে লাভলীনালৈ আগবঢ়াইছে ৫০ লাখ টকা।
পুৱা অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন নিয়েনক ৪-১ ব্যৱধানত পৰাস্ত কৰাৰ পিছতেই বিশ্বৰ সৰ্ববৃহৎ অলিম্পিকত পদক অনাটো নিশ্চিত হৈ পৰিল লাভলীনাৰ। আৰু ইয়াৰপিছতেই অসম চৰকাৰে ঘোষণা কৰিলে এই উপহাৰ।
মন্ত্ৰী বিমল বড়াই ঘোষণা কৰি কয় যে ৰাজ্য চৰকাৰে খেল জগতৰ বাবে লৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্ত অনুসৰি লাভলীনালৈ চৰকাৰে আগবঢ়াইছে এই উপহাৰ।
লগতে কমনৱেলথ গেমছ, এছিয়ান গেমছত পদক লাভ কৰা খেলুৱৈলৈ প্ৰথম শ্ৰেণীৰ চাকৰি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
লাভলীনা হৈছে অসমৰ প্ৰথম অলিম্পিকত মেডেল পোৱা খেলুৱৈ । আৰু আজি লাভলীনাৰ এই জয়ে ভাৰতলৈ চলিত অলিম্পিকত দ্বিতীয়টো পদক অনাটো নিশ্চিত কৰিলে। ইতিহাস সৃষ্টি কৰি অসমৰ নাম বিশ্ববাসীক চিনাকি কৰি দিয়া লাভলীনাক লৈ আজি সমগ্ৰ দেশ গৌৰাৱাম্বিত।