আজি স্বাধীনতা সংগ্ৰামী তথা সমাজসেৱী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপজা দিন । ১৯০১ চনৰ আজিৰ দিনটোতে বজালীৰ দৈশিঙৰী গাঁৱত তেওঁৰ জন্ম হয় । তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ লগতে নাৰী জাগৰণৰ হকেও কাম কৰিছিল । তেওঁ অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিছিল । তেওঁ তেওঁ অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে সাত বছৰ কাৰ্যনিৰ্বাহ কৰিছিল । বৃত্তিত তেওঁ শিক্ষয়িত্ৰী আছিল আৰু চাইকেল চলাই স্কুললৈ গৈছিল । তেওঁ অসমৰ চাইকেল চলোৱা প্ৰথম মহিলা আছিল । প্ৰখ্যাত সাহিত্যিক দণ্ডীনাথ কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁ ‘পিতৃভিঠা’, ‘শেষ আশ্ৰয়’ আৰু ‘অপৰাজিতা’ নামৰ তিনিখন উপন্যাসৰ উপৰি গল্প, নাটক আৰু কবিতাও লিখিছিল । ‘অভিযান’ আৰু ‘অভিযাত্ৰী’ নামৰ দুখন আলোচনীও সম্পাদনা কৰিছিল । তেওঁৰ অনবদ্য কৃতকৰ্মৰ বাবে চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে । সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে ‘অভিযাত্ৰী’ নামেৰে তেওঁৰ জীৱনভিত্তিক এখন সুখপাঠ্য উপন্যাস ৰচনা কৰে । এইগৰাকী মহীয়সী নাৰীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কুইজাৰ দিলীপ কুমাৰ বৰুৱাৰ ওপজা দিন ।এগৰাকী শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ হিচাপেও তেওঁ পৰিচিত । তেওঁক অসমৰ কুইজৰ জনক হিচাপে জনা যায় । ১৯৬৭ চনত তেওঁ উত্তৰ পূব ভাৰতৰ প্ৰথমখন কুইজ পৰিচালনা কৰে । ১৯৮৫ চনত তেওঁ দূৰদৰ্শন যোগেও গুৱাহাটী দূৰদৰ্শনত কুইজৰ পাতনি মেলিছিল । তেওঁৰ ওপজা দিনটোক সম্প্ৰতি ‘কুইজৰ দিন’ হিচাপে পালন কৰা হয় । ১৯৪৩ চনৰ আজিৰ দিনটোতে দৰঙৰ ছিপাঝাৰত তেওঁৰ জন্ম হয় । তেওঁ কটন কলেজত অৰ্থনীতি বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি হাফলং মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।