কাশ্মীৰী পণ্ডিত সকলৰ ওপৰত ৯০ৰ দশকত চলা অবর্ণনীয় অত্যাচাৰৰ ওপৰত নির্মাণ কৰা কাশ্মীৰ ফাইলছ নামৰ ছবিখনে বক্স অফিচত লাভ কৰিছে সফলতা ৷ দর্শকৰ বিপুল সমাদৰ লাভ কৰিলেও এই ছবিখনে সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিব বুলি একাংশই অভিযোগ কৰিছে ৷ ইয়াৰ মাজতে ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক চিআৰপিএফৰ ‘ৱাই’ শ্ৰেণীৰ সুৰক্ষা বেষ্টনী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশৰ যিকোনো প্ৰান্তলৈ ভ্ৰমণ কৰাৰ সময়ত তেওঁক চি আৰ পি এফয়ে সুৰক্ষা প্ৰদান কৰিব ৷ ৱাই শ্ৰেণীৰ বেষ্টনীত চাৰিৰ পৰা পাঁচজন সশস্ত্ৰ কমাণ্ডোৱে নির্দ্দিষ্ট ব্যক্তিজনক সুৰক্ষিত কৰি ৰাখে ৷ কাশ্মীৰী পণ্ডিতসকলৰ জীৱনৰ ওপৰত আধাৰিত তেওঁৰ নতুন ছবিখনে মুক্তি লাভ কৰাৰ পাছতে চলচ্চিত্ৰ নিৰ্মাতাজনে ছ’চিয়েল মিডিয়াত ভাবুকি লাভ কৰিছিল।বক্স অফিচত ১০০ কোটিতকৈয়ো অধিক উপার্জন কৰা ছবিখনত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী আৰু পল্লৱী যোশীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰী পণ্ডিতসকলৰ সংগ্ৰাম আৰু বেদনা প্ৰদৰ্শন কৰাৰ বাবে চলচ্চিত্ৰখনক প্ৰশংসা কৰিছে ৷ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে অগ্নিহোত্ৰীয়ে লাভ কৰা ভাবুকিৰ অধ্যয়ন কৰাৰ পাছত ভিআইপি সুৰক্ষা বেষ্টনী প্ৰদানৰ পৰামৰ্শ দিছিল ৷ চি আৰ পি এফে বৰ্তমান জেড+, জেড, ৱাই, ৱাই+ আৰু এক্সৰ দৰে বিভিন্ন শ্ৰেণীৰ ১১৭ জন লোকক সুৰক্ষা প্ৰদান কৰে।