পুনৰ এক শিহৰণকাৰী হত্যাকাণ্ড ৷ গুৱাহাটীৰ পানীখাইতি আৰক্ষী চকীৰ সমীপত বস্ত্ৰহীন অৱস্থাত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলা গৰাকীৰ মৃতদেহটো ৷ কোনো লোকে অসৎ কাৰ্য চৰিতাৰ্থ কৰি পথৰ দাঁতিত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃ্ষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ এতিয়লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
বহু ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে যে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰৰ কথা কৈ থকাৰ সময়তে ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত হোৱা এনে ঘটনা সমূহে প্ৰকৃততে কি আঙুলিয়াই দিছে বাৰু?