HDFC বেংকে গ্ৰাহকসকলৰ বাবে এক সুখৰ খবৰ লৈ আহিছে। বেংকে এনে এক বিশেষ সুবিধা লৈ আহিছে য’ত বেংকৰ গ্ৰাহকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব । এই নতুন সুবিধা মতে HDFC বেংকৰ গ্ৰাহকে কোনো এ টি এম তথা ডেবিট কাৰ্ড নোহোৱাকৈয়ে এ টি এম ত টকা উলিয়াব পাৰিব। HDFC বেংকৰ এই বিশেষ সুবিধা হৈছে Cardless Cash Withdrawal পদ্ধতি ।
বহু ক্ষেত্ৰত দেখা যায় যে কেতিয়াবা হঠাতে টকাৰ প্ৰয়োজন আহি পৰে আৰু কাষত এ টি এম থাকিলেও কেতিয়াবা কাৰ্ডখন লগত নথকাৰ বাবে টকা উলিওৱাত অসুবিধা হয় । এনে অৱস্থাত গ্ৰাহকে যাতে “Cardless Cash Withdrawal‘’ ৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰিছে HDFC বেংকে।
HDFC বেংকে টুইটাৰ একাউন্টৰ জৰিয়তে উল্লেখ কৰে এই কথা । বেংকৰ গ্ৰাহকে কিদৰে এই পদ্ধতিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব সেই কথাও বিস্তাৰিত ৰূপত বৰ্ণনা কৰা হৈছে টুইটাৰ একাউন্টত । গ্ৰাহকসকলে HDFC Bank ৰ যিকোনো এ টি এমৰ পৰা ৭ দিন আৰু ২৪ ঘন্টা পৰ্যন্ত এই সুবিধা গ্ৰহণ কৰিব পাৰিব । আনহাতে কাৰ্ড নোহোৱাকৈ টকা উলিওৱা এই প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে সুৰক্ষিত বুলিও জনাইছে বেংকে ।
HDFC বেংকে জনোৱা মতে এজন গ্ৰাহকে কাৰ্ড নোহোৱাকে নুন্যতম ১০০ টকা পর্যন্ত উলিয়াব পাৰিব । ইয়াৰ উপৰিও এদিনত ১০ হাজাৰ টকা উলিওৱাৰ সুবিধা থকাৰ লগতে, একমাহত ২৫ হাজাৰ পৰ্যন্ত টকা উলিওৱাৰ সুবিধা থাকিব। এই পদ্ধতিৰ জৰিয়তে বিনা কাৰ্ডে টকা উলিয়াবৰ বাবে আবেদন কৰিলে তাত ২৪ ঘন্টা পৰ্যন্ত সময়সীমা থাকে । সেই সময়সীমা অতিক্ৰম কৰি যোৱাৰ পাচত নিজে নিজেই বন্ধ হৈ যায় ।
Cardless Cash Withdrawal ব্যৱহাৰ কৰা পদ্ধতি হৈছে –
- যিসকলে এই সুবিধা গ্ৰহণ কৰিব বিচাৰে তেনে লোকে NetBanking ৰ জৰিয়তে ৰেজিষ্টাৰ কৰিব লাগিব ।
- NetBanking ত তেঁওলোকে Funds Transfer tab চিলেক্ট কৰিব লাগিব ।
- চিলেক্ট কৰাৰ পাচত Request অপচনত ক্লিক কৰিব লাগিব ।
- ক্লিক কৰাৰ পাচত Add a Beneficiary ত ক্লিক কৰি Cardless Cash Withdrawal অপচন চিলেক্ট কৰিব লাগিব ।
- এই সুবিধা ল’ব বিচাৰিলে গ্ৰাহকে নিজৰ তথ্য দিয়াৰ লগতে নিজৰ মোবাইল নম্বৰ দিব লাগিব , য‘ত অ টি পি আহিব । আৰু সমস্ত তথ্য দিয়াৰ পাচত আধাঘন্টা সময় অপেক্ষা কৰিব লাগিব ।
আনহাতে এ টি এম লৈ গৈ বিনা কাৰ্ডে টকা উলিয়াবলৈ হ’লে –
- প্ৰথমে এ টি এম মেচিনত Cardless Cash Withdrawal অপচনত ক্লিক কৰিব লাগিব ।
- তাৰ পাচত এটা অ টি পি আহিব ।
- তাতে মোবাইল নম্বৰো দিব লাগিব ।
- মোবাইলত ৯ টা ডিজিটৰ এটা নম্বৰ আহিব যিটো এ টি এম মেচিনত দিব লাগিব ।
- তাৰ পাচত উলিয়াব লগীয়া টকাৰ এমাউন্ট লিখিব লাগিব ।
উল্লেখ্য যে এই কাম সম্পূৰ্ণ হোৱাৰ পাচতহে মেচিনৰ পৰা প্ৰয়োজনীয় টকা ওলাব । HDFC বেংকে আগবঢ়োৱা এই সুবিধাৰ জৰিয়তে গাহকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে ।