আমাৰ স্মৰণ শক্তি বিভিন্ন কাৰণত হৃাস হ’ব পাৰে। যি কোনো দুৰ্ঘটনাজনিত কাৰণত মূৰত আঘাত পালে , আৱেগিক হেঁচা , স্নায়ুকোষ নষ্ট আদিৰ কাৰণে স্মৃতি শক্তি হৃাস হ’ব পাৰে। কণ, কণ লৰা-ছোৱালীৰ স্মৃতি শক্তি বৃদ্ধি কৰিবৰ বাবে বা আমাৰ স্মৃতিশক্তি শক্তিশালী কৰিবৰ কাৰণে বাৰীতে থকা কিছুমান শাক-পাচলি যথেষ্ট উপকাৰী-
১) ব্ৰাহ্মী :- ব্ৰাহ্মীক ব্ৰেইন টনিক বুলিও জনা যায়।ব্ৰাহ্মী সাধাৰণতে জেকা মাটিত হয়। মগজুত স্মৰণ শক্তি বৃদ্ধি আৰু স্নায়ু শক্তিশালী কৰিবৰ কাৰণে ব্ৰাহ্মী শাক গৰুৰ ঘিউত ভাজি দিনে এবাৰ কৈ খাব লাগে। কেঁচা নহৰুৰ লগত চাটনি কৰিও ভাতৰ লগত খাব পাৰি। ব্ৰাহ্মী শাকৰ ৰস গাখীৰৰ লগত মিহলি কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়। বাহ্মী শাকত যথেষ্ট পৰিমাণে ফছফৰাছ থাকে বাবে মগজুৰ কোষৰ কাৰণে উপকাৰী।
২) মানিমুনি :- মানিমুনিক শাকৰ ৰজা বুলি কোৱা হয়। সৰু মানিমুনি বা ডাঙৰ মানিমুনি দুয়োবিধে মগজু আৰু স্নায়ুৰ কাৰণে উপকাৰী। প্ৰতিদিনে মানিমুনিৰ পাত দহ খনকৈ চোবাই খালে স্মৰণ শক্তি আৰু স্নায়ু সবল হয়।
৩) টেঙেচি টেঙা :- টেঙেচি টেঙা জেকা মাটিত হয়।ইয়াৰ পাত আৰু ঠাৰি টেঙা। টেঙেচি টেঙা পাতত দি , ভাজি বা দাইলত দি নাইবা চাটনি কৰি খাব পাৰি। টেঙেচি টেঙাৰ ৰস উলিয়াই খালেও স্মৰণ শক্তি বৃদ্ধি পায়।
৪) গোমধান :- গোমধান এটাৰ প্ৰায় দহ গ্ৰাম বীজ উলিয়াই তাক খুন্দি এগিলাচ পানীত সিজাই সপ্তাহত এদিনকৈ খালে স্মৰণ শক্তি যথেষ্ট বাঢ়ে। গোম ধানৰ বীজৰ গুড়া গাখীৰৰ লগত সিজাই খালে নাইবা গোমধানৰ গুটি চোবাই খালেও স্মৰণ শক্তি যথেষ্ট বৃদ্ধি হয়।
ইয়াৰ উপৰিও কাঞ্চন আৰু পচতীয়াৰ পাত ( ঘিউত ভাজি ) বেল , আমলখি আদি খালেও স্মৰণ শক্তি বাঢ়ে।