কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২২ মাৰ্চত সংসদত এক আলোচনাৰ আঁত ধৰি কয় যে, ঘাইপথত ৬০ কিলোমিটাৰৰ ভিতৰত নাই কোনো টোল কৰ৷তিনিমাহৰ ভিতৰত বন্ধ কৰা হ’ব ৬০কিল’মিটাৰ ব্যৱধানৰ ভিতৰত থকা দ্বিতীয়খন টোলগে’ট ।এই শিথিলতা তিনি মাহৰ ম্যাদৰ পিছত কাৰ্যকৰী হ’ব বুলি স্পষ্ট কৰে গাডকাৰীয়ে ৷আনহাতে টোলগে’টৰ সমীপৱৰ্তী লোকে দিব নালাগিব টোল ৷ আধাৰ কাৰ্ডৰ ভিত্তিত সমীপৱৰ্তী অঞ্চলৰ লোকসকলক প্ৰদান কৰা হ’ব বিশেষ অনুমতি পত্ৰ ৷
পথ পৰিবহণ আৰু ঘাইপথৰ বাবে বাজেট আৱণ্টন সম্পৰ্কীয় বিৰোধীৰ উদ্বেগৰ প্ৰতি সঁহাৰি জনাই লোকসভাত গাডকাৰীয়ে কয়, “৬০ কিলোমিটাৰ ভিতৰত আন এটা টোল বুথৰ পৰা টোল সংগ্ৰহ ৩ মাহত বন্ধ কৰা হ’ব।”
গাডকাৰীয়ে লগতে কয় যে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ দিল্লী-অমৃতসৰ শাখা ২০২২ চনৰ শেষৰ ফালে সম্পূৰ্ণ হ’ব, যাৰ ফলত দুয়োখন চহৰৰ মাজত পৰিবহণৰ সময় চাৰি ঘণ্টালৈ হ্ৰাস পাব।মন্ত্ৰীজনে লগতে দাবী কৰে যে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে সম্পূৰ্ণ হোৱাৰ পিছত শ্ৰীনগৰ আৰু মুম্বাইৰ মাজৰ দূৰত্ব ২০ ঘণ্টালৈ হ্ৰাস কৰা হ’ব।