জলকীয়াৰ ৰজা ভোট জলকীয়া।
ইংৰাজী নাম:- Bel pepper
বৈজ্ঞানিক নাম :- Capsicum Grossum Boiley/ Capsicum Chinense
বিশ্বৰ আটাইতকৈ বেছি জ্বলা থকা জলকীয়াটোৱে হৈছে ভোট জলকীয়া। ভোট জলকীয়া নগা জলকীয়া , বিহ জলকীয়া নামেৰেও জনাজাত। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বিলাক ৰাজ্যতে ভোট জলকীয়াৰ খেতি হয়। ফল কেঁচাতে সেউজীয়া আৰু পকিলে ৰঙা ৰঙৰ হয়। ভোট জলকীয়াৰ অসম্ভৱ জ্বলা যদিও কেৱল জ্বলায় নহয় ইয়াৰ আছে বহুতো ঔষধি গুণ-
১) পকা ভোট জলকীয়াই পেটৰ ঘা আৰু পিত্ত নাশ কৰিব পাৰে।
২) ভোট জলকীয়াক বিজাণু আৰু কীটাণুনাশক হিচাপেও ব্যৱহাৰ কৰিব পাৰি।
৩) ভোট জলকীয়াই মুখৰ আৰু খাদ্যনলীৰ বিজাণু নাশ কৰিব পাৰে।
৪) ভোট জলকীয়াই খাদ্য হজম কৰাত সহায় কৰে।
৫) স্নায়ু দুৰ্বলতা নাশ আৰু পুৰণি ঘা শুকোৱাত সহায় কৰে।
৬) ভোট জলকীয়াই গাৰ বিষ ভাল কৰিব পাৰে।
৭) শিঙি বা মাগুৰ মাছে বিন্ধিলে ভোট জলকীয়া পিহি লগালে বিষ নাইকীয়া হয়।
৮) ভোট জলকীয়াই স্মৃতিশক্তি বৰ্ধনত সহায় কৰে।