অসম চৰকাৰে এন ডি এফ বি উগ্ৰপন্থীৰ বিৰুদ্ধে আৰোপিত লঘু অপৰাধজনিত গোচৰসমূহ বন্ধ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তেখেতে কয় যে আত্মসমৰ্পণকাৰী এন ডি এফ বি উগ্ৰপন্থীৰ বিৰুদ্ধে সাধাৰণ অপৰাধৰ গোচৰসমূহ শীঘ্ৰেই নিষ্পত্তি কৰা হ’ব আৰু এন আই এৰ সকলো গোচৰ আৰক্ষীলৈ স্থানান্তৰ কৰা হ’ব।
তাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম চৰকাৰে ভাঙি পেলাবলৈ সক্ষম হোৱা বড়ো বিদ্ৰোহী গোট এন ডি এফ বিৰ সকলো গোটৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলক পুনৰ সংস্থাপন কৰিবলৈ ১৬০ কোটি টকা ব্যয় কৰিব।
চিএমঅ’ৰ এক বিবৃতিত কোৱা হৈছিল যে “এন ডি এফ বি কেডাৰৰ বিৰুদ্ধে বিচাৰাধীন সাধাৰণ অপৰাধৰ গোচৰবোৰ অতি সোনকালে নিষ্পত্তি কৰা হ’ব আৰু চৰকাৰে সৌহাৰ্দ্যপূৰ্ণভাৱে শান্তি স্থাপন কৰিবলৈ এন আই এৰ ওচৰত বিচাৰি থকা সকলো গোচৰ অসম চৰকাৰলৈ স্থানান্তৰ কৰিব”।
শৰ্মাই লগতে কয় যে এতিয়ালৈকে শান্তি প্ৰক্ৰিয়াৰ পৰা নিজকে আতৰাই ৰখা অসন্তুষ্ট গোটবোৰে এতিয়া বড়ো বেল্টত স্থায়ী শান্তি স্থাপন কৰিবলৈ চৰকাৰক সহায় কৰিবলৈ মূলসুঁতিলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে।
বিবৃতিটোত লগতে কোৱা হৈছে যে এনডিএফবিৰ আত্মসমৰ্পণকাৰী কেডাৰসকলকো অত্যাৱশ্যকীয় আৰু আকাংক্ষিত অৰ্হতা অনুসৰি বিভিন্ন চৰকাৰী খালী পদত নিযুক্তি দিয়া হ’ব।
যোৱা বছৰৰ ২৭ জানুৱাৰীত সদৌ বড়ো ছাত্ৰ সন্থা (এবিএছইউ), ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেচন (ইউবিপিঅ’) আৰু এনডিএফবিৰ সকলো গোটে চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে। যাৰ ফলত বড়োলেণ্ড অঞ্চলত ৰাজনৈতিক আৰু প্ৰচুৰ অৰ্থনৈতিক সাহাৰ্য প্ৰদান কৰা হয় আৰু এক পৃথক ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ৰক্ষা কৰা হয়।
বড়োলেণ্ড অঞ্চলত তৃতীয় টো চুক্তিৰ পিছত এনডিএফবিৰ সকলো গোটৰ মুঠ ১,৬১৫ জন কেডাৰে ৩০ জানুৱাৰী ২০২০ তাৰিখে আত্মসমৰ্পণ কৰিছিল আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জমা কৰিছিল।
শান্তি চুক্তি অনুসৰি সাধাৰণ অপৰাধৰ বাবে এনডিএফবিৰ সদস্যসকলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ অসম চৰকাৰে প্ৰত্যাহাৰ কৰিব।
এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটে ২০০৮ চনৰ ৩০ অক্টোবৰত সমগ্ৰ অসমত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। যাৰ ফলত ৮৮ জন লোকৰ মৃত্যু হৈছিল আৰু ৫০০ ৰো অধিক লোক আহত হৈছিল।
২০১৪ চনৰ ডিচেম্বৰত শোণিতপুৰ, কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাত এন ডি এফ বি(এছ)ৰ দ্বাৰা হোৱা আক্ৰমণত ৭৬ গৰাকী আদিবাসীসহ কমেও ৮১ জন লোক নিহত হৈছিল।