হাই প্ৰফাইল শ্বীনা বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত ইন্দ্ৰাণী মুখার্জী কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ শীঘ্ৰে প্ৰশস্ত হোৱাৰ সম্ভাৱনা নাই ৷ কিয়নো ইন্দ্ৰাণীৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰিছে গোচৰটোৰ তদন্তকাৰী সংস্থা চি বি আইয়ে ৷ এই সন্দর্ভত উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰি ইন্দ্ৰাণীৰ জামিনৰ বিৰোধিতা কৰিছে চি বি আইয়ে ৷ ন্যায়ালয়ক চি বি আইয়ে কয় যে ইন্দ্ৰাণী মুখাৰ্জীয়ে নিজৰ কন্যাক পৰিকল্পিত ভাৱে হত্যা কৰিছে ৷ এনে ঘৃণনীয় কাৰ্য্য ক্ষমাৰ যোগ্য নহয়। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত লগতে কয় যে কন্যাক হত্যা কৰাৰ উপৰি পুত্ৰকো হত্যাৰ চেষ্টা চলাইছিল ইন্দ্ৰাণীয়ে ৷
তদন্তকাৰী সংস্থাটোৱে লগতে কয় যে ইন্দ্ৰাণী সমাজৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি ৷ তেওঁ সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে। এই গোচৰৰ কিছুসংখ্যক সাক্ষীৰ এতিয়াও জবানবন্দী গ্ৰহণ কৰা হোৱা নাই ৷ সেয়েহে সাক্ষীক তেওঁ ভয় ভাবুকি প্ৰদান কৰিব পাৰে ৷ ইন্দ্ৰাণী মুখার্জী বিশ্বাসযোগ্য নহয় আৰু জামিনৰ আবেদন খাৰিজ কৰা উচিত।ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে চিবিআইৰ শপতনামাৰ উত্তৰ দিবলৈ ইন্দ্ৰাণী মুখাৰ্জীক দুসপ্তাহৰ সময় প্ৰদান কৰিছে ৷
বিগত বর্ষৰ ২১ নৱেম্বৰত বোম্বাই উচ্চ ন্যায়ালয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন নাকচ কৰি দিয়া নির্দেশনাক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ পূর্বৰ শুনানিত বিচাৰপীঠেখনে চিবিআইক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল ৷ শপতনামাখনত চিবিআইয়ে লগতে কয় -“আবেদনকাৰীয়ে (ইন্দ্ৰাণী মুখাৰ্জী) অতি গুৰুতৰ অপৰাধ কৰিছে আৰু ইয়াক সাধাৰণ গোচৰ হিচাপে বিবেচনা কৰিব নোৱাৰি ৷ সেয়েহে আবেদনকাৰীয়ে এই আদালতৰ পৰা কোনো ধৰণৰ সকাহ লাভৰ যোগ্য নহয় ৷”