২০২২-২৩ বিত্তীয় বর্ষৰ বাবে আজি বাজেট দাখিল কৰে দিল্লীৰ আপ চৰকাৰে ৷ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বিধানসভাত ৭৫,৮০০ কোটি টকাৰ বাজেট দাখিল কৰে ৷ বাজেট ভাষণত তেওঁ কয় – “ক’ভিড মহামাৰীৰ বাবে শোচনীয় হৈ পৰা দিল্লীৰ অৰ্থনীতি ক্ৰমান্বয়ে পুনৰ বিকাশ হৈছে ৷ ২০২২-২৩ বৰ্ষৰ বাবে বাজেট আৱণ্টন হৈছে ৭৫,৮০০ কোটি ৷”
২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটৰ পৰিমাণ আছিল ৬৯,০০০ কোটি টকা। ২০২২-২৩ বৰ্ষৰ বাজেটত আৱণ্টিত পুঁজিৰ পৰিমাণ ৯.৮৬ শতাংশ অধিক।আম আদমী পাৰ্টি চৰকাৰৰ এইখন হৈছে অষ্টম বাজেট ৷ চিছোদিয়াই নিজৰ ভাষণত ২০২২-২৩ চনৰ বাজেটক “ৰোজগাৰ বাজেট” আখ্যা দিছে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি দিল্লীৰ জনমূৰি আয় ৰাষ্ট্ৰীয় গড়তকৈ ২.৭ শতাংশ বেছি।