ইতিহাস ৰচি পাঞ্জাৱ বিধানসভা নির্বাচনত বিজয় সাৱ্যস্ত কৰি চৰকাৰ গঠন কৰিলে আম আদমী পার্টীয়ে ৷ দুর্নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা নতুন আপ চৰকাৰে গ্ৰহণ কৰিছে আন এক ঐতিহাসিক সিদ্ধান্ত ৷ এতিয়াৰে পৰা পাঞ্জাৱত বলবৎ হ’ব ‘এজন বিধায়ক, এক পেঞ্চন আচঁনি’ ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে শুকুৰবাৰে কৰা ঘোষণা অনুসৰি প্ৰাক্তন বিধায়কসকলে কেৱল এটা পেঞ্চনহে লাভ কৰিব ৷ পূর্বে নির্বাচিত হোৱা প্ৰতিটো কার্যকালৰ বাবে পেঞ্চন লাভ কৰিছিল বিধায়কসকলে। প্ৰাক্তন বিধায়কসকলে মাহিলী পেঞ্চন হিচাপে ৭৫০০০ টকা লাভ কৰে ৷
এক ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ বিষয়াসকলক “এজন বিধায়ক, এক পেঞ্চন” আঁচনি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। কেইবাবাৰো নিৰ্বাচিত বিধায়কসকলে পেঞ্চন হিচাপে লাখ লাখ টকা লাভ কৰিছিল। তেওঁলোকৰ কিছুসংখ্যকে সাংসদ হিচাপে নির্বাচিত হোৱাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োধৰণৰ পেঞ্চন লাভ কৰি আহিছে । বিধায়কসকলৰ পৰিয়ালে লাভ কৰা পেঞ্চনৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য হ’ব ৷
তেওঁ লগতে কয় যে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ভোট বিচৰা বিধায়কসকলে মাহিলী পেঞ্চন ৩.৫ লাখ টকা, ৪.৫ লাখ টকা পর্যন্ত লাভ কৰিছে ৷ আনকি কিছুসংখ্যকে ৫.২৫ লাখ টকা পর্যন্ত পেঞ্চন হিচাপে লাভ কৰি আছে । এই নীতিৰ জৰিয়তে চৰকাৰে পাঁচ বছৰত ৮০ কোটি টকা ৰাহি কৰাৰ পৰিকল্পনা কৰিছে। এনেদৰে সঞ্চয় কৰা ধন কল্যাণমূলক আঁচনিৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ কয়।প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে শেহতীয়াকৈ চৰকাৰলৈ এখন পত্ৰযোগে কৈছিল যে তেওঁ চৰকাৰৰ পৰা কোনো পেঞ্চন ল’ব নিবিচাৰে আৰু তেওঁক কোনো পেঞ্চন দিয়া উচিত নহয়। পেঞ্চনৰ ধন ৰাজহুৱা কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈয়ো আহ্বান জনাইছিল বাদলে ৷
বর্তমান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰজিন্দৰ কৌৰ ভট্টাল, লাল সিং আৰু এছ এ ডিৰ প্ৰাক্তন নেতা চাৰৱান সিং ফিল্লৌৰে প্ৰতিজনে ৩.২৫ লাখ টকা পেঞ্চন হিচাপে লাভ কৰে ৷ আনহাতে ৰবি ইন্দৰ সিং আৰু বলবিন্দৰ সিং ভিন্দৰে প্ৰতি মাহে ২.৭৫ লাখ টকা লাভ কৰে।