বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা মতানৈক্যৰ বাবে স্থবিৰ হৈ পৰা কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজৰ শান্তি আলোচনা প্ৰক্ৰিয়া পুনৰ জটিল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ কিয়নো পৃথক নাগা পতাকা আৰু সংবিধান অবিহনে চলি থকা নাগা শান্তি প্ৰক্ৰিয়া কেতিয়াও সমাধান নহয় বুলি পুনৰ স্পষ্ট কৰি দিছে এন এছ চি এন(আইএম)-এ ৷কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত যুদ্ধবিৰতিয়ে ২৫ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূর্ণ হোৱা নাই নাগা শান্তি চুক্তি ৷ বহু পৰ্যায়ৰ আলোচনাৰ পাছতো দশকজুৰি চলি থকা নাগাসকলৰ ৰাজনৈতিক বিষয়টোৰ কোনো সমাধান ওলোৱা নাই ৷
শেহতীয়াকৈ এন এছ চি এন (আই এম)ৰ অধ্যক্ষ কিউ টুকুয়ে কয়- “এক সংকটজনক পৰ্যায়ত প্ৰৱেশ কৰা ভাৰত-নাগা ৰাজনৈতিক আলোচনাক সমগ্ৰ বিশ্বই যথেষ্ট কৌতূহলৰ সৈতে প্ৰত্যক্ষ কৰি আছে ৷ কিয়নো নাগা জাতীয় পতাকা আৰু সংবিধানৰে নাগা ৰাইজে কেনেকৈ তেওঁলোকৰ ৰাজনৈতিক পৰিচয় ৰক্ষা কৰিব সেয়া গুৰুত্বপূৰ্ণ। আমি এই গুৰুত্বপূৰ্ণ পৰ্যায়ত বিচলিত হ’ব নোৱাৰো। আমাৰ ওপৰত যিমানেই চাপৰ সৃষ্টি নকৰক কিয় আমি আমাৰ স্থিতিত অটল হৈ থাকিম ৷”অধ্যক্ষজনে এনএছচিএন (আইএম)ৰ সদস্যসকলক ৰাজনৈতিক সংগ্ৰাম অব্যাহত ৰাখিবলৈ ধৈৰ্য প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে।উল্লেখ্য যে চলিত বিধানসভা অধিৱেশন সমাপ্ত হোৱাৰ পিছত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৷ য’ত এই শান্তি প্ৰক্ৰিয়াৰ ওপৰত ভাৰত চৰকাৰৰ শেহতীয়া স্থিতিক লৈ আলোচনা কৰা হ’ব ৷