আজি বিশ্ববিশ্ৰুত সাহিত্যিক মেক্সিম গৰ্কীৰ ওপজা দিন । ১৮৬৮ চনৰ আজিৰ দিনটোতে তেতিয়াৰ ৰুছ সাম্ৰাজ্যৰ নিঝনি লোভগৰ্ডত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল আলেক্সেই মেক্সিমোভিচ পেছকভ । মেক্সিম গৰ্কী আছিল তেওঁৰ ছদ্মনামহে । তেওঁ আছিল সমাজতান্ত্ৰিক বাস্তৱবাদী সাহিত্যৰ প্ৰতিষ্ঠাতা । তেওঁৰ অনেক বিখ্যাত গ্ৰন্থৰ ভিতৰত ‘মা’ এখন কালজয়ী উপন্যাস । নাট্যকাৰ হিচাপেও তেওঁ খ্যাতি অৰ্জন কৰিছিল । সাহিত্যৰ নবেল বঁটাৰ বাবে তেওঁ পাঁচবাৰকৈ মনোনীত হৈছিল । এইগৰাকী বিখ্যাত সাহিত্যিকলৈ আমাৰ প্ৰণাম ।