সুদীৰ্ঘ দুটি বছৰৰ অন্তত এক ব্যাপক ভাৱে উত্তৰ লক্ষীমপুৰৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিত অহা ১৩ মেৰ পৰা আয়োজন কৰিছে উত্তৰ পাৰৰ ফাটবিহু অনুষ্ঠানৰ। অসমীয়া জাতিৰ প্ৰাণ স্পন্দন বহাগ বিহুৰ আনুষ্ঠানিক ভাৱে উদযাপনৰ অসমৰ ভিতৰত অন্যতম আৰু একক ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু।
অসমৰ লোক সংস্কৃতিৰ সুকীয়া আৰু অনন্য তথা অসমীয়া সমাজ জীৱনত সুকীয়া স্থান দখল কৰা এই বিহু খন বিগত দুটা বছৰত কভিড সৃষ্ট পৰিৱেশ ৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাৰ পিছত ২০২২ বৰ্ষত উদযাপন কৰিব ৰ বাবে উত্তৰ পাৰৰ ঢকুৱাখনা বাসীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। এই বছৰটো ১৩,১৪ আৰু ১৫ মেত (২৯,৩০ আৰু ৩১ বহাগ) উদযাপন কৰা হব। যোৱা ২৭ মাৰ্চ ত মহঘূলি চাপৰিত অনুষ্ঠিত হোৱা সাধাৰণ সভাত কমিটীৰ বিষয় ববিয় সকলে জানিবলৈ দিয়ে।
ফাটবিহু কমিটীৰ সভাপতি প্ৰদীপ চমুৱাৰ তত্বাবধানত দিনৰ ১১ বজাৰ পৰা মূহঘুলি চাপৰিত অনুষ্ঠিত হোৱা এই সাধাৰণ সভাত সভাপতি গৰাকীয়ে বিভিন্ন দায়িত্ব অৰ্পণ কৰাৰ লগতে বিত্তীয় কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।