ইংৰাজী নাম :- Taro Yam
বৈজ্ঞানিক নাম :- Colocasia antiquorum Sachott
পানী কচু সাধাৰণতে জেকা মাটিত বা কমকৈ পানী থকা ঠাইত সহজে হয়। পাত ১৫ – ৪০ ছেঃ মিঃ দীঘল আৰু ১০ -২০ চেঃ মিঃ বহল হয়।পাতৰ ঠাৰি যথেষ্ট দীঘল আৰু গোলাকাৰ। ঠাৰিৰ পৰা আঠা ওলায়। পাত আৰু পাতৰ বৃন্ত ৰান্ধি খাব পাৰি। কিছুমান ঠাইত ব’লা কচু বুলিও জনাজাত। এই কচু তৰকাৰী কৰি বা মাছ দি ৰান্ধি খাবলৈ বহুত সোৱাদ হয়। বহুতে বড় বনাই খাবলৈও ভাল পায়। এই কচুক কেঁচাই খাব নোঁৱাৰি , খজুৱায়। ৰান্ধি খালেও প্ৰথমতে কচুখিনি উতলাই পানী পেলাই দিয়া উচিত। খাবলৈ অতি সোৱাদময় পানীকচুৰো আছে বহুতো ঔষধি গুণ , জানো আহকচোন –
১) প্ৰসৱৰ পাছত মাতৃগৰাকীৰ গাৰ বিষ নাইকীয়া কৰিবলৈ আৰু শৰীৰত হিম’গ্ল’বিন বৃদ্ধি কৰিবৰ বাবে কচুক জালুকৰ সৈতে আঞ্জা বনাই বা পাতত দি খাবলৈ দিয়া হয়।
২) পাতৰ বৃন্তৰ আঠাই কটা – ছিঙাৰ পৰা ওলোৱা তেজ সহজে বন্ধ কৰিব পাৰে।
৩) পানী কচুৱে গৰল ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৪) পানী কচুৱে চুলিৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে।
৫) পাতৰ সৰু ঠাৰিৰে কাণ খৰিকিয়ালে তাত থকা আয়োডিনে কাণৰ বীজাণু ধ্বংস কৰিব পাৰে আৰু কাণ পকা ভাল হয়।
৬) ছালত হোৱা আচিনা কচুৰ আঠা লগালে ভাল হয়।
৭) কচুৰ ঠাৰি কাটি লৈ তাৰ পৰা ৰস উলিয়াই অলপমান চূণ সানি আচিনা হোৱা ঠাইত ঘহি থাকিলে আচিনা নাইকীয়া হয়।
৮) কচুৰ ঠাৰি পাতত দি খালে চকুৰ দৃষ্টি শক্তি বৃদ্ধি হয়।