যিকোনো গোচৰৰ তদন্তৰ ক্ষেত্ৰত ফৰেনচিক প্ৰতিবেদন লাভ কৰাৰ ব্যৱস্থা এতিয়াৰ পৰা অধিক সূচল হ’ব ৷ এতিয়াৰে পৰা অনলাইনযোগে অসম আৰক্ষীয়ে লাভ কৰিব ফৰেনচিক প্ৰতিবেদন ৷ ফৰেনচিক বিজ্ঞানাগাৰৰ প্ৰতিবেদন অনলাইন মাধ্যমৰ জৰিয়তে ডাউনলোড কৰিব পৰা ব্যৱস্থা প্ৰৱর্তন কৰা অসম হৈছে দেশৰ প্ৰথমখন ৰাজ্য ৷ মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আনুষ্ঠানিকভাৱে এই ব্যৱস্থা মুকলি কৰে ৷ ইয়াৰ লগে লগে আন এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী ৷
জিলা আৰক্ষী প্ৰশাসনসমুহৰ উপৰি গুৱাহাটী মহানগৰ কমিছনাৰেটে ব্যৱহাৰ কৰিব পাৰিব এই সুবিধা ৷ ।এই ব্যৱস্থাৰ জৰিয়তে সময়মতে এফ এছ এল প্ৰতিবেদন লাভ কৰাটো নিশ্চিত হ’ব ৷ যাৰ ফলত যিকোনো গোচৰৰ তদন্ত প্ৰক্ৰিয়া সোনকালে সম্পূৰ্ণ হোৱাত সহায় কৰিব। পূর্বে সমগ্ৰ দেশে এক প্ৰণালী অনুসৰণ কৰা হৈছিল, যাৰ জৰিয়তে এই প্ৰতিবেদনসমূহ প্ৰেৰণ কৰিব লগীয়া হৈছিল ৷ ইয়াৰ বাবে সময়ৰ অপচয় ঘটিছিল ৷ সময়মতে ফৰেনচিক প্ৰতিবেদন লাভ নকৰাৰ বাবে চাৰ্জ শ্বীট দাখিলত বিলম্ব হোৱাৰ উপৰি বহু অভিযুক্ত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথো প্ৰশস্ত হৈছিল ৷