জম্মু-কাশ্মীৰৰ ৰাইনাৱাৰী অঞ্চলত মঙলবাৰে নিশা উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এক সংঘর্ষ ৷ মাজনিশা শ্ৰীনগৰৰ ৰাইনাৱাৰী অঞ্চলত সংঘটিত এই সংর্ঘষত দুজন লস্কৰ-ই-তৈবা (এল ই টি)ৰ উগ্ৰপন্থী নিহত হয় ৷ নিহত সন্ত্ৰাসবাদী দুজনৰ এজনৰ পৰা সংবাদমাধ্যমৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে ৷
আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয়-“অভিযানত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷ নিহতসকলৰ ভিতৰত এজন এল ই টিৰ স্থানীয় সন্ত্ৰাসবাদী আছিল আৰু সংবাদ মাধ্যমৰ পৰিচয় পত্ৰ তেওঁৰ লগত উদ্ধাৰ কৰা হৈছে । এয়া সংবাদ মাধ্যমৰ অপব্যৱহাৰৰ এক স্পষ্ট উদাহৰণ ৷ দুয়োজনকে জম্মু আৰু কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ এটা যুটীয়া দলে ৰাইনাৱাৰী অঞ্চলত গুলীবর্ষণ কৰিছিল ৷”
কুমাৰে কয় যে নিহত উগ্ৰপন্থী দুজনৰ এজন ৰায়ছ আহামাদ ভাট বুলি চিনাক্ত কৰা হৈছে ৷ ভাট পূর্বে এজন সাংবাদিক আছিল আৰু অনন্তনাগত ‘ভেলী নিউজ চাৰ্ভিচ’ নামৰ এটা এটা অনলাইন নিউজ পৰ্টেল চলাই আছিল।” ভাটে ২০২১ চনৰ আগষ্টত সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছিল ৷ সন্ত্ৰাসবাদীজনিত কার্যকলাপত জড়িত থকাৰ অভিযোগত ইতিমধ্যে তেওঁৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ নিহত দ্বিতীয় জন উগ্ৰপন্থীক অনন্তনাগৰ বিজবেহাৰাৰ হিলাল আহামাদ ৰহ বুলি চিনাক্ত কৰা হৈছে ৷