হিৰো মোটোকৰ্পে শেহতীয়াকৈ ঘোষণা কৰিছে যে ই ৫ এপ্ৰিলৰ পৰা প্ৰতিষ্ঠানটোৰ মটৰচাইকেল আৰু স্কুটাৰৰ মূল্য ২,০০০ টকালৈকে বৃদ্ধি কৰা হ’ব। দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠানটোৱে ইয়াৰ মটৰচাইকেল আৰু স্কুটাৰৰ এক্স-শ্ব’ৰুম মূল্য বৃদ্ধি কৰিব, ৫ এপ্ৰিল, ২০২২ৰ পৰা ই কাৰ্যকৰী হ’ব, যাতে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ আংশিকভাৱে পূৰণ কৰিব পাৰি। বাহনসমূহৰ ২০০০ টকালৈকে মূল্য বৃদ্ধি হ’ব আৰু বৃদ্ধিৰ সঠিক পৰিমাণ নিৰ্দিষ্ট মডেল আৰু বজাৰসাপেক্ষেহে নিৰ্ধাৰিত হ’ব।|
২৯ মাৰ্চত সূত্ৰটোৱে চিএনবিচি-টিভি১৮ক কৈছিল যে ‘হিৰো মোটোকৰ্প’ৰ মিছা ব্যয়সম্পৰ্কীয় প্ৰতিবেদন সমূহ ২৩ ৰ পৰা ২৬ মাৰ্চৰ ভিতৰত চলোৱা এক আই-টি ৰেইডত ধৰা পৰিছিল।
সংবাদ সংস্থা এএনআইয়ে জানিব পৰা মতে ,হাৰ্ড কপি আৰু ডিজিটেল তথ্যৰ ৰূপত “আপত্তিজনক প্ৰমাণ” পোৱা গৈছিল। প্ৰতিবেদনবোৰ প্ৰকাশ হোৱাৰ কিছু দিন পিছতে, ২৯ মাৰ্চত ‘হিৰো মোটোকৰ্প’ৰ শ্বেয়াৰ সাত শতাংশতকৈও অধিক হ্ৰাস পাইছিল।হিৰো মোটোকৰ্পে লগতে ঘোষণা কৰিছিল যে ই ৫ এপ্ৰিলৰ পৰা ইয়াৰ মটৰচাইকেল আৰু স্কুটাৰৰ মূল্য ২,০০০ টকালৈকে বৃদ্ধি কৰিব। দেশৰ সৰ্ববৃহৎ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এক বিবৃতিত কয়, ‘সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ আংশিকভাৱে পূৰণ কৰাৰ বাবে মূল্য সংশোধনৰ প্ৰয়োজন হৈছে।‘