মধ্য প্ৰদেশৰ ৰতলামত দুটা মুৰ, তিনিটা বাহু আৰু দুখন ভৰিৰে এটি কেঁচুৱা এগৰাকী মহিলাই জন্ম দিয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জন্মৰ পাছতে নৱজাতকটোক ইন্দোৰৰ এখন ব্যক্তিগত চিকিৎসালয়লত ভর্ত্তি কৰোৱা হৈছে ৷ বৰ্তমান শিশু ৰোগ বিভাগৰ আইচিইউত কেঁচুৱাটো চিকিৎসাধীন হৈ আছে।
শিশুটোৰ চিকিৎসা কৰি থকা চিকিৎসক ডাঃ ব্ৰজেশ লাহোটিয়ে সংবাদ মাধ্যমৰ আগত কয়- “এয়া দম্পতীহালৰ প্ৰথম সন্তান ৷চোনোগ্ৰাফী প্ৰতিবেদনত যমজ সন্তান থকা বুলি ভবা হৈছিল ৷ । এইটো এটা বিৰল ঘটনা ৷ এনে শিশুৰ জীৱনকাল বেছি দীঘলীয়া নহয় ৷ শিশুটোৰ শৰীৰৰ ওপৰৰ অংশ স্বাভাৱিক । শিশুটোৰ দুডাল মেৰুদণ্ড আৰু এটা পেট আছে। এইটো এটা অতি জটিল অৱস্থা। শিশুটোৰ এই অৱস্থাক ডাইচেফালিক পাৰাপাগাছ বুলি কোৱা হয় ৷”
চিকিৎসকজনে কয় যে শিশুটোৰ ওজন প্ৰায় ৩ কিলোগ্ৰাম আৰু শিশুটোৰ শৰীৰটোৱে লৰচৰ কৰি আছে। অৱশ্যে শিশুটোৰ বর্তমান অৱস্থা সংকটজনক