সেনাবাহিনীৰ (বিশেষ ক্ষমতা) আইন-১৯৫৮ চমুকৈ আফছপা ৰাজ্যৰ ২৩খন জিলাৰ লগতে ১ খন জিলা সদৰত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১ এপ্ৰিলৰ পৰা এয়া কাৰ্যকৰী হৈ পৰিব। অৱশ্যে ৰাজ্যৰ ৯ খন জিলাৰ লগতে এটা জিলা উপ-সংমণ্ডলত সেনাবাহিনীৰ (বিশেষ ক্ষমতা) আইন বাহাল থাকিব। ১৯৯০ চনত ৰাজ্যত প্ৰবৰ্তন হোৱা এই বিশেষ ক্ষমতাৰ আইনখনে অসমক অশান্তজৰ্জৰ অঞ্চল হিচাপে ঘোষিত কৰি ৰাখিছিল। এই আইনখন মূলত উগ্ৰবাদ দমনমূলক নীতি শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা হৈছিল। আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সিদ্ধান্তই অসমক এতিয়া শান্তিপূৰ্ণ ৰাজ্য বুলি প্ৰতিপন্ন কৰিলে।
এই সিদ্ধান্তই এতিয়া অসমৰ পৰিস্থিতি অধিক উন্নত কৰি তোলাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কেন্দ্ৰৰ এই সিদ্ধান্তই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক দেশৰ সফলতম পাঁচখন ৰাজ্যৰ এখন কৰি তোলাৰ প্ৰতিশ্ৰুতিৰ প্ৰথম ঢাপ অতিক্ৰম কৰা বুলি অভিহিত কৰিব পাৰি। এতিয়া ৰাজ্যত ব্যৱসায়িক দিশত উন্নয়ন আৰু বিশেষত বিনিয়োগকাৰী অহাৰ বাট সুগম হৈ পৰিব।
১৯৯০ চনত ৰাজ্যত বলৱৎ হোৱা এই আইন এতিয়ালৈ ৬১বাৰৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে। প্ৰতিবাৰেই ৬ মাহৰ বাবে এই আইন বলৱৎ হৈ থকাৰ সময় সীমা বৰ্ধিত কৰি অহা হৈছিল। ৰাজ্যত শান্তিপূৰ্ণ পৰিৱেশ বৰ্তি থকাৰ পৰিপ্ৰেক্ষিটত কেন্দ্ৰীয় গৃহ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি বৰ্তমান ৰাজ্যখনখনৰ ২৩ খন জিলা ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, মৰিগাঁও, কামৰূপ মেট্ৰ’, দৰং, কামৰূপ, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমৰা মানকাচৰ, কোকৰাঝাৰ, চিৰাং, বাক্সা, উদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ সদৰ (লক্ষীপুৰ উপ-সংমণ্ডলক বাদ দি) এলেকাক শান্তিপূৰ্ণ হিচাপে ঘোষণা কৰা হৈছে। ১ এপ্ৰিল তাৰিখৰ পৰা এই এলেকাবোৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰযোজ্য নহয়।
আনহাতে ৰাজ্যখনৰ ৯খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেও, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু লক্ষীপুৰ উপ-সংমণ্ডল এলেকাক এতিয়াও অশান্ত অঞ্চল হিচাপে ৰখা হৈছে। ইয়াৰ অৰ্থ এয়াই যে ৰাজ্যখনৰ ৭৮,৪৩৮ বৰ্গ কিঃমিঃ ভৌগলিক এলেকাৰ ৩১,৭২৪.৯৪ বৰ্গ কিঃমিঃ এলেকা এতিয়াও অশান্ত হৈ ৰৱ। আশা কৰিব পাৰি যে আগন্তুক ছমাহৰ অন্তত এই এলেকাৰ পৰাও সেনা বাহিনীৰ (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰ হৈ পৰিব।