আজি বিশিষ্ট সাহিত্যিক যোগেশ দাসৰ ওপজা দিন । ১৯২৭ চনৰ আজিৰ দিনটোতে ডুমডুমাৰ হাঁহচৰা বাগিচাত তেওঁৰ জন্ম হৈছিল । এগৰাকী চুটিগল্পকাৰ আৰু ঔপন্যাসিক হিচাপে খ্যাতি অৰ্জন কৰা যোগেশ দাস এগৰাকী সাংবাদিকো আছিল । গুৱাহাটীৰ বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ৰূপে অৱসৰ গ্ৰহণ কৰা যোগেশ দাসে ‘নতুন অসমীয়া’ কাকতৰ উপ-সম্পাদক আৰু ‘দৈনিক অসম’ কাকতৰ সহকাৰী প্ৰধান সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’ৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল । অসম সাহিত্য সভা পত্ৰিকাৰো সম্পাদক আছিল তেওঁ । ‘পৃথিৱীৰ অসুখ’ নামৰ গল্প সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । ডাৱৰ আৰু নাই, জোনাকীৰ জুই, এজন খঙাল মানুহ আদি উপন্যাস, পপীয়া তৰা, আন্ধাৰৰ আঁৰে আঁৰে আদি গল্প সংকলন তেওঁৰ উল্লেখযোগ্য কৃতি । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।