ইংৰাজী নাম :- Date Plam
বৈজ্ঞানিক নাম :- Phoenix Sylvestrisroxb
খেজুৰী প্ৰায় সকলোৱে খাই ভাল পায়। খেজুৰী খালি মুখত খাই ভাল লগাৰ উপৰিও চাটনি বা টক বনাওতে খেজুৰী দিলে অতি সোৱাদময় হয়। খেজুৰী প্ৰায় ২ ছে.মি. ৰ পৰা ৫ ছে.মি.পৰ্যন্ত দীঘল হয়। ফল থোপা থোপে লাগে। খেজুৰি কেঁচা অৱস্থাত কমলা ৰঙৰ আৰু পকিলে হালধীয়া হয়। খেজুৰি গছৰ পৰা এবিধ ৰস উলিওৱা হয় আৰু এই ৰস টাৰি নামেৰে জনা যায়। খেজুৰি খাবলৈ বহুত সোৱাদময় হোৱাৰ লগতে আছে বহুত ঔষধি গুণ-
১) খেজুৰ খালে শৰীৰৰ দুৰ্বলতা নোহোৱা হয়।
২) আমাৰ শৰীৰত তেজ কমি গলে খেজুৰ খালে তেজ বৃদ্ধি হয়।
৩) টাৰিৰ লগত মিচিৰি মিহলি কৰি খালে প্ৰস্ৰাৱৰ ৰোগ ভাল হয়।
৪) পকা খেজুৰৰ লগত নেমুৰ ৰস আৰু অলপমান নিমখ মিহলাই চাটনি কৰি খালে অভোক নিৰাময় হয়।
৫) খেজুৰ খালে দৃষ্টি শক্তি বাঢ়ে।
৬) খেজুৰৰ ৰস ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে।
৭) খেজুৰৰ গুটি জুইত পুৰি গুড়ি কৰি চেকি ঘাত লগালে ঘা সহজে শুকায়।
৮) মূৰ্ছা যোৱা , মস্তিষ্ক দৌৰ্বল্য , হৃদযন্ত্ৰ দৌৰ্বল্য আদিত খেজুৰৰ ৰস উপকাৰী।
৯) বাতপিত্ত , কফ , কাহ , অতিসাৰ , শ্বাসকষ্ট আদি ৰোগৰ বাবে খেজুৰৰ ৰস উপকাৰী।