দেশৰ ভিতৰতে সৰ্ববৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি ছুজুকিয়ে গাড়ী নিৰ্মাণত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পুনৰ গাড়ীৰ দাম বৃদ্ধিৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে ৷ প্ৰতিষ্ঠানটোৱে ২০২১ বৰ্ষৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে চাৰিবাৰ গাড়ীৰ দাম বৃদ্ধি কৰিছে ৷মুঠ ৯% বৃদ্ধি পাইছে মাৰুতি ছুজুকিৰ গাড়ীৰ দাম ৷ উল্লেখ্য যে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান সমূহে গাড়ী নিৰ্মাণৰ মুঠ ব্যয়ৰ প্ৰায় ৭৫-৭৮শতাংশই কেঁচা সামগ্ৰীৰ নামত ব্যয় কৰিব লগীয়া হয় ৷