বিশ্বজুৰি চলা এক পৰিসংখ্যা অনুসৰি বিগত ১৫০ বছৰত প্ৰায় ৯৫ শতাংশ বাঘৰ সংখ্যা হ্ৰাস পাইছে। অৰ্থাৎ আজিৰ তাৰিখত বাঘ এক বিপন্ন বন্যপ্ৰাণী।
এই পৰিসংখ্যাৰ সমান্তৰাল ভাৱে ইতিবাচক কথা এয়ে যে ভাৰতত থকা কিছুসংখ্যক বনাঞ্চল এতিয়াও বৃহৎ সংখ্যক বাঘৰ বিচৰণভূমি।
মধ্য প্ৰদেশৰ “বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল” ‘ৰয়েল বেংগল টাইগাৰ’ৰ ঘৰ হিচাপে জনাজাত। বাঘৰ সংখ্যাৰ ঘনত্ব ইয়াত ভাৰতৰ ভিতৰতে সৰ্বাধিক। প্ৰকৃতিৰ অনুপম সেউজীয়াৰ মাজত ৰাজকীয় বাঘৰ আভাস পাবলৈ এই বনাঞ্চললৈ আপুনি অৱসৰ বিনোদনৰ বাবে যাব পাৰে।
উত্তৰাখণ্ডৰ “জিম কৰবেট ব্ৰাঘ্ৰ সংৰক্ষিত বনাঞ্চল” ৰাষ্ট্ৰীয় উদ্যানখনক বাঘৰ উপযুক্ত আশ্ৰয়স্থল বুলি ক’ব পাৰি। এই উদ্যানখন বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি।
কিংবদন্তী বাঘ চিকাৰী প্ৰকৃতিবিদ জিম কৰবেটৰ নামেৰে নামাকৰণ কৰা জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। ১৯৩৬ চনত উত্তৰাখণ্ডত প্ৰতিষ্ঠা কৰা এই উদ্যানখন বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে অতি ৰোমাঞ্চকৰ অভিজ্ঞতাৰে পূৰ্ণ।
পশ্চিম বংগৰ “সুন্দৰবন ব্ৰাঘ্ৰ সংৰক্ষিত বনাঞ্চল” বাঘ আৰু জৈৱবৈচিত্ৰতাৰে এক সংৰক্ষিত ব-দ্বীপ। সুন্দৰী গছৰ নামেৰে নামাকৰণ কৰা এই উদ্যানখন ১৯৮৪ চনৰ ৪ মে তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কেৱল বাঘৰ বাবেই বিখ্যাত নহয়। এইখন এখন বাঘ সংৰক্ষিত অঞ্চল, জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ লগতে বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। সদাসেউজ পৰিস্থিতিতন্ত্ৰৰ অনন্য ধাৰাবাহক এই উদ্যানখন এক অনন্য আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ।
ৰাজস্থানৰ “সৰিস্কা ৰাষ্ট্ৰীয় উদ্যান” ভাৰতৰ অতি জনপ্ৰিয় ভ্ৰমণথলীসমূহৰ অন্যতম। ৰাজস্থানৰ জয়পুৰৰ আলৱাৰ এলেকাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন ৮০০ বৰ্গ কিলোমিটাৰ অঞ্চল বিয়পি আছে। ইয়াক পথাৰ, পৰ্ণপাতী অৰণ্য আৰু থিয় গড়া খণ্ডত বিভক্ত কৰা হৈছে। বাঘৰ লগতে এই উদ্যানখনত বিভিন্ন জন্তু যেনে, বনৰীয়া মেকুৰী, শৰপহু, মলুৱা বান্দৰ, বনৰীয়া গাহৰি ইত্যাদিও দেখা পোৱা যায়।
ভাৰতৰ এই অন্যতম বিখ্যাত বন্যপ্ৰাণী স্থলসমূহলৈ প্ৰতিবছৰে দেশ-বিদেশৰ বন্যপ্ৰাণীপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমীসকলে আগ্ৰহেৰে ভ্ৰমণ কৰা দেখা যায়।