আজি বিখ্যাত মানৱাধিকাৰ কৰ্মী মাৰ্টিন লুথাৰ কিঙৰ (জুনিয়ৰ) স্মৃতি দিৱস । এই আফ্ৰিকান-আমেৰিকান মানৱাধিকাৰ কৰ্মীগৰাকী আছিল মহাত্মা গান্ধীৰ অহিংস নীতিৰ দ্বাৰা অনুপ্ৰাণিত । তেওঁৰ নেতৃত্বতে ভোটাধিকাৰ, শ্ৰমৰ অধিকাৰ আদিৰ দাবীত জৰ্জিয়া, ৱাশ্বিংটন, আলাবামা আদিত তীব্ৰ আন্দোলন গঢ়ি উঠিছিল । আমেৰিকাত মানৱাধিকাৰ প্ৰতিষ্ঠা কৰা তথা বৰ্ণ বৈষম্য দূৰীকৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে ১৯৬৪ চনত তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয় । তেওঁ আছিল শান্তিৰ নবেল বঁটা প্ৰাপক কৃষ্ণাংগসকলৰ ভিতৰত সৰ্বকনিষ্ঠ । ১৯৬৮ চনৰ আজিৰ দিনটোতে জেমছ আৰ্ল ৰে নামৰ শ্বেতাংগ আততায়ী এজনৰ গুলীত তেওঁৰ মৃত্যু হয় । এইগৰাকী মানৱাধিকাৰ কৰ্মীলৈ আমাৰ প্ৰণাম ।