দেশজুৰি আজি পুনৰ বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ এয়া হৈছে দ্বাদশ বাৰৰ বাবে হোৱা ইন্ধনৰ মূল্যবৃদ্ধি ৷ সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০ পইচা বৃদ্ধি কৰা হৈছে ৷ যাৰ ফলত যোৱা দুসপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’লত হোৱা মূল্যবৃদ্ধিৰ পৰিমান হৈছে ৮.৪০ টকা ৷
ইয়াৰ লগে লগে দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০৩.৮১ টকালৈ বৃদ্ধি পালে ৷ আনহাতে ডিজেলৰ দাম প্ৰতি লিটাৰত ৯৪.৬৭ ৰ পৰা ৯৫.০৭ টকালৈ লৈ বৃদ্ধি হৈছে।
সমগ্ৰ দেশতে ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে ৷ স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে দাম বৃদ্ধিৰ পৰিমান পৃথক ৷ দীর্ঘদিনৰ বিৰতিৰ পাছত যোৱা ২২ মার্চত প্ৰথমবাৰৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি ঘটিছিল ৷