জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ই-প্ৰস্তুতিৰ অধীনত ডিজাইন কৰা জিলা ৱেৱছাইট kamrup.assam.gov.in আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ ভাষণ প্ৰসংগত কাৰ্তিকে এই ৱেব ছাইট ডিজাইন আৰু ডেভেলপ কৰাৰ বাবে ভাৰত চৰকাৰৰ এন আই চিক ধন্যবাদ জনায় আৰু এই ৱেব ছাইটে প্ৰশাসন আৰু ৰাইজৰ মাজত আধুনিক যোগসূত্ৰ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৱেব ছাইটটো ভৱিষ্যেতেও তথ্য সমৃদ্ধ কৰি পৰিচালনা কৰাৰ বাবে আহ্বান জনায় ।
দিৱসৰ অন্তিম দিনা জিলাখনৰ বিভিন্ন দিশ সামৰি যুগুতোৱা তথ্যচিত্ৰ ‘কামৰূপ-এক অনিৰুদ্ধ যাত্ৰা’ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ তথ্যচিত্ৰখন মুকলি কৰি সাংসদ ভুৱনেশ্বৰ কলিতাই অনুষ্ঠানত জিলাখন সন্দৰ্ভত এইদৰে তথ্যচিত্ৰ প্ৰস্তুত কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লয় আৰু আগন্তুক দিনত জিলাখনে সকলো ক্ষেত্ৰতে আদৰ্শ জিলাৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ কাৰ্যসূচীৰ ভিতৰত শিক্ষা বিভাগে অনুষ্ঠিত কৰা এক সভাত জিলাখনৰ শ্ৰেষ্ঠ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃগোটসমূহক বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক খগেন তালুকদাৰে আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ পৰেশ বৈশ্যই ৷
অন্তিম দিনা অন্য এক আকৰ্ষণীয় অনুষ্ঠান আছিল দৰ্শক কুইজ প্ৰতিযোগিতা৷ বিশিষ্ট কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা মনোগ্ৰাহী দৰ্শক কুইজ প্ৰতিযোগিতাত ভাগ লৈ উপস্থিত সকলোৱে উপকৃত হয় আৰু আনন্দ লাভ কৰে, লগতে সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৷ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে বিশিষ্ট কণ্ঠশিল্পী নেকিব হুছেইনৰ গীতৰ শৰাই আৰু বিশিষ্ট নৃত্যবিশাৰদ হেমন্ত কুমাৰ কলিতাৰ কথক নৃত্য পৰিবেশন ৷
আনহাতে, জিলা দিৱসত অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে জীপাল হয় আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ ৷ জিলাখনৰ পৰ্যটন বিষয়া ডেনি গামে আঁত ধৰা ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলনখন সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে ৷ সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক লুটফা হানুম ছেলিমা বেগমে ৷ সন্মিলনখনত নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী, অনিন্দিতা ফুকন, বৰ্ণালী ভৰালী, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ভূপেন পাটোৱাৰী, কোকিল শইকীয়া, হিমাদ্ৰী বৰা আৰু সমীন বেজবৰুৱা, ৰুণু ৰঞ্জন লহকৰকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ৷ সঞ্চালক কুমাৰে কয় যে, কবিতা লিখোতে কবিয়ে কেতিয়াও শিল্পৰ পৰা আঁতৰি যাব নালাগে ৷ শব্দইহে স্মৃতিক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে, শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কবিসকল অতি সচেতন হ’ব লাগে যাতে ইয়াৰ অযথা ব্যৱহাৰ নহয় ৷
ইফালে, কথাছবি প্ৰদৰ্শন শিতানত ভিলেজ ৰকষ্টাৰ, কণিকাৰ ৰামধেনু, নিষিদ্ধ নদী আৰু সোণৰ বৰণ পখী কথাছবি প্ৰদৰ্শন কৰা হয় ৷ শুৱালকুছি ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানে এখন ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে ৷
তদুপৰি, জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য-গীতেৰে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৷ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে লোসংগীত পৰিবেশন কৰে ৷ আনহাতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল অ’ক সাংস্কৃতিক সন্ধিয়াৰ অন্য এক আকৰ্ষণ ৷
“কামৰূপ জিলা দিৱস’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনেও মহকুমাটোত বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰে । ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া চহৰত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা তুলশীবাৰীলৈ এক চাইকেল ৰেলী অনুষ্ঠিত হয় ।
অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশ, (ভা: প্ৰ: সে:) ৰ নেতৃত্বত অনুষ্ঠিত এই চাইকেল ৰেলীত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, সহকাৰী আয়ুক্ত চম্পক ডেকা, অম্লান বৈশ্য, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) অনন্যা চৌধুৰী, যোগাচাৰ্য্য জ্যোতিষ কলিতা প্ৰমুখ্যে শতাধিক লোকে অংশগ্ৰহণ কৰে । আনহাতে, অ’টিজম’ৰ বাবে এখন সহানুভূতিশীল পৃথিৱীৰ কামনাৰে সমগ্ৰ বিশ্বৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনেও ‘কামৰূপ জিলা দিৱস’ৰ সৈতে সংগতি ৰাখি ৰঙিয়া চহৰৰ ‘হৰদত্ত-বীৰদত্ত ভৱন’ত ‘বিশ্ব অ’টিজম সজাগতা দিৱস’ পালন কৰে । এই উপলক্ষে অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজহুৱা সজাগতামূলক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ‘নিদানিক মনোবিজ্ঞান’ বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ মৈথিলী হাজৰিকাই অ’টিষ্টিক শিশু সকলৰ ক্ষেত্ৰত মনত ৰাখিব লগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে । সভাত অধ্যক্ষতা কৰি অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশে সমাজৰ অন্য লোকৰ দৰে অ’টিষ্টিক ব্যক্তিসকলেও যাতে জীৱনটো উপভোগ কৰিব পাৰে, সেই উদ্দেশ্যে সমাজত জনসচেতনতা বৃদ্ধি কৰিবলৈ সকলোকে আহ্বান জনায় ।
তেখেতে কামৰূপ জিলা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে । আৰম্ভণিতে নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিকে আদৰণি ভাষণত কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি ব্যাখ্যা কৰি ‘জিলা দিৱস’ৰ লগতে ‘বিশ্ব অ’টিজিম সজাগতা দিৱস’ৰ তাৎপৰ্য্য দাঙি ধৰে । সভাত সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, সহকাৰী আয়ুক্ত অম্লান বৈশ্যৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, চিকিৎসক-চিকিৎসাকৰ্মী, শিক্ষক, অংগনৱাদী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।