বৈজ্ঞানিক নাম ঃ Litsea Salicifolta Roxb
দীঘলতি বুলি ক’লে অসমীয়া মানুহক বেছিকৈ কোৱাৰ প্ৰয়োজন নাই। সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন অসমীয়া মানুহে ৰঙালী বিহুৰ সময়ত এবাৰ হ’লেও গুণগুণায়–
” দীঘলতি দীঘল পাত ,মাখি মাৰো জাত জাত। ”
গৰু বিহুৰ দিনাখন গৰুক দীঘলতি আৰু মাখিয়তী গছৰ ডাল-পাতেৰে কোবাই কোবাই এইদৰে গোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। দীঘলতি আৰু মাখিয়তী গছ বীজানু নাশক হোৱা বাবে এই গছ বোৰেৰে গৰুক মাৰিলে গাৰ পৰা মাখি , মহ আদিবোৰ আঁতৰি যায়। সন্ধিয়া গৰু অহাৰ আগমুহূৰ্তত গৰু অহা পদুলি , চোতাল আৰু গোহালিৰ মুখত বিহলগনি , অগৰা আদি গছৰ লগত দীঘলতি , মাখিয়তী গছৰ ডাল-পাতাত সংমিশ্ৰণ কৰি জাগ দিয়াৰ নিয়ম। ইয়াৰ অৰ্থ মহ , মাখি , পোক পৰুৱা আদি ধোঁৱাৰ বাবে নোহোৱা হয়। ব’হাগ বিহুৰ অতিকৈ প্ৰয়োজনীয় দীঘলতি পাত বহুতো ঔষধি গুণেৰে ভৰপুৰ। জানো আহকচোন দীঘলতিৰ বিষয়ে- দীঘলতি আৰু মাখিয়তী গছৰ ডাল-পাতেৰে কোবাই কোবাই এইদৰে গোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। দীঘলতি আৰু মাখিয়তী গছ বীজানু নাশক হোৱা বাবে এই গছ বোৰেৰে গৰুক মাৰিলে গাৰ পৰা মাখি , মহ আদিবোৰ আঁতৰি যায়। সন্ধিয়া গৰু অহাৰ আগমুহূৰ্তত গৰু অহা পদুলি , চোতাল আৰু গোহালিৰ মুখত বিহলগনি , অগৰা আদি গছৰ লগত দীঘলতি , মাখিয়তী গছৰ ডাল-পাতাত সংমিশ্ৰণ কৰি জাগ দিয়াৰ নিয়ম। ইয়াৰ অৰ্থ মহ , মাখি , পোক পৰুৱা আদি ধোঁৱাৰ বাবে নোহোৱা হয়। ব’হাগ বিহুৰ অতিকৈ প্ৰয়োজনীয় দীঘলতি পাত বহুতো ঔষধি গুণেৰে ভৰপুৰ। জানো আহকচোন দীঘলতিৰ বিষয়ে-
১) দীঘলতিৰ পাত বিজাণু আৰু কীটাণুনাশক।
২) দীঘলতিৰ পাতৰ ৰসে জীৱ-জন্তুৰ ছালত হোৱা ওকণী , চিকৰা আদি নোহোৱা কৰে।
৩) জীৱ-জন্তুৰ ছালত ঘা হ’লে দীঘলতিৰ পাতৰ ৰস দিলে ঘা শুকাই যায়।
৪) সন্ধিয়া ঘৰৰ সন্মুখত দীঘলতি পাতেৰে জাগ দিলে মহ , মাখি , ডাঁহ আদি আঁতৰি যায়।
৫) প্ৰস্ৰাৱনলী আৰু প্ৰস্ৰাৱথলী জ্বলন-পোৰণত দীঘলতিৰ ফল ঔষধৰ কাম কৰে।