২০১৬চনত নীতিশ কুমাৰ শাসনলৈ অহাৰ পিছতে বিহাৰত সুৰাৰ ওপৰত জাৰি কৰা হৈছিল নিষেধাজ্ঞা ৷ তেতিয়াৰ পৰাই ৰাজ্যখনত দেশী, বিদেশী সকলোধৰণৰ সুৰা নিষিদ্ধ কৰা হৈছিল ৷ আনহাতে সোমবাৰে কেবিনেট বৈঠকতো এই সুৰা সম্বন্ধীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই অনুসৰি সংশোধন কৰা হৈছে বিহাৰ সুৰা নিষিদ্ধকৰণ বিধেয়ক ২০২২ ৷
সোমবাৰৰ কেবিনেট বৈঠকত বিহাৰ সুৰা নিষিদ্ধকৰণ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে ৷ আনহাতে কিছুমান নতুন নিয়ম অন্তৰ্ভূক্ত কৰা হৈছে এই পুৰণি আইনত ৷ নতুন আইন অনুসৰি কোনোবাই সুৰাপান কৰা অৱস্থাত ধৰা পৰিলে তেওঁ দুই হাজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে জৰিমনা ভৰিব লাগিব অন্যথা এমাহৰ বাবে কাৰাবাস খাটিব লাগিব ৷ উল্লেখযোগ্য যে পুৰ্বতে এই জৰিমনা আছিল ৫০,০০০টকা ৷
নতুন আইন অনুসৰি সুৰা সম্পৰ্কীয় যিকোনো গোচৰৰ শুনানি এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ৷ ইয়াৰ উপৰিও যদি অবৈধ সুৰা জব্দ কৰা হয় তেন্তে এই ক্ষেত্ৰত দণ্ডাধীশৰ অনুমতিৰ প্ৰয়োজন নোহোৱাকৈ নমুনা সংগ্ৰহ কৰি বাকী সুৰা ধ্বংস কৰিব পাৰিব ৷ ইয়াৰ উপৰিও গৃহীত সংশোধনী অনুসৰি যিসকলে প্ৰথমবাৰৰ কাৰণে এই অপৰাধ কৰে তেওঁলোকক তুলনামূলক ভাৱে কম শাস্তি দিব লাগিব ৷
২০১৬চনৰ ৫ এপ্ৰিলত নীতিশ কুমাৰৰ শাসনত বিহাৰত সকলো ধৰণৰ সুৰা নিষিদ্ধ কৰা হৈছিল ৷ ‘শুল্ক আৰু নিষিদ্ধকৰণ বিভাগে’ এই অধিসূচনা জাৰি কৰা বুলি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘোষণা কৰিছিল ৷
শেহতীয়াকৈ ৰাজ্যিক বিধানসভাত থিয় হৈ নিতীশ কুমাৰে সুৰাপায়ী সকলক সমালোচনা কৰি কৈছিল –‘যি সকলে সুৰাপান কৰে তেওঁলোক ভাৰতীয় নহয় ৷ তেওঁলোক সকলো মহাপাপী ৷ ‘তেওঁৰ মতে আগতে ৰাজ্যখনত পাচলি বেছি বিক্ৰী হোৱা নাছিল কাৰণ সেই টকাৰে মানুহে সুৰা ক্ৰয় কৰিছিল ৷ অৱশ্যে সুৰাৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ লগে লগে বিহাৰত বৃদ্ধি পাইছে পাচলিৰ বিক্ৰী ৷