ক্ৰমাৎ ভয়াৱহ আৰু বিভীষিকাময় হৈ পৰিছে ইউক্ৰেইনৰ পৰিৱেশ ৷ ৰাছিয়াৰ সেনা বাহিনীৰ আগ্ৰাসনে দেশখনত সৃষ্টি কৰিছে শোচনীয় পৰিস্থিতিৰ ৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে সন্তানৰ পৰা বিচিন্ন হোৱাৰ আশংকাত ভুগিছে মাতৃয়ে ৷ যিকোনো সময়ত হ’ব পৰা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে যেন সাজু হৈ পৰিছে দেশখনৰ নাগৰিকসকল ৷ যাৰ বাবে নিজৰ সন্তানৰ শৰীৰত সম্পূর্ণ নাম-ঠিকনা, যোগাযোগ নম্বৰ, পৰিয়ালৰ সবিশেষ লিখি দিছে মাতৃসকলে ৷ যাতে যুদ্ধত তেওঁলোকৰ প্ৰাণ গলে সন্তানৰ পৰিচয় উদ্ধাৰ কৰিব পাৰে ৷ অথবা যুদ্ধত সন্তানৰ প্ৰাণ গ’লেও তেওঁৰ ঠিকনা পোহৰলৈ আহে ৷ ইতিমধ্যে এই ছবিসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ কেইবাগৰাকীও সাংবাদিকে সামাজিক মাধ্যমৰ জৰিয়তে পোষ্ট কৰা এনে ছবিসমূহ প্ৰত্যক্ষ কৰি সকলোৱা এয়া বেদনাদায়ক বুলি অভিহিত কৰিছে ৷
উল্লেখ্য যে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ সামৰিক অভিযানে ইতিমধ্যে এমাহ অতিক্ৰম কৰিছে ৷ ৰুছ সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ইউক্ৰেইনৰ বহু লোকে ৷ ইউক্ৰেইনৰ কেইবাখনো চহৰ ধ্বংসস্তুপত পৰিণত হৈছে ৷ বিশ্ববাসীৰ বাৰম্বাৰ আহ্বানৰ পিছতো ৰাছিয়ান সেনাই অব্যাহত ৰাখিছে আক্ৰমণ ৷