দক্ষিণ দিল্লীত ১০ এপ্ৰিললৈ সকলো মাংসৰ দোকান বন্ধ কৰিবলৈ নির্দেশ দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ বিতর্কৰ ৷ হিন্দু সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ নৱৰাত্ৰী উপলক্ষে দক্ষিণ দিল্লীৰ মেয়ৰে অহা ৮,৯ আৰু ১০ এপ্ৰিলত সকলো কছাইখানা বন্ধ কৰিবলৈ নির্দেশ প্ৰদান কৰিছে ৷
মেয়ৰ মুকেশ সুৰিয়ানে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি মাংসৰ দোকান বন্ধ কৰাৰ এই নির্দেশনা কঠোৰ ভাৱে বলবৎ কৰা হ’ব ৷ তেওঁ কয় -“আমি দিল্লীৰ লোকসকলৰ অনুভূতিৰ কথা মনত ৰাখি এই সিদ্ধান্ত লৈছো। বিভিন্নজনে আমাক অভিযোগ দিছিল । উপবাস ৰখা লোকসকলে মুকলিকৈ মাংস কটাক লৈ সমস্যাৰ সন্মুখীন হৈছিল। এয়া কাৰো ব্যক্তিগত স্বাধীনতাৰ উলংঘন নহয় ৷”
পূব দিল্লী পৌৰ নিগমৰ মেয়ৰ শ্যাম সুন্দৰ আগৰৱালেও একেটা দাবী উত্থাপন কৰি কয় যে নৱৰাত্ৰী উৎসৱৰ সময়ত মাংসৰ দোকান বন্ধ কৰিলে তেওঁলোক সুখী হ’ব ৷ দক্ষিণ দিল্লীত থকা পঞ্জীয়নভুক্ত মাংসৰ দোকানৰ সংখ্যা হৈছে ১৫০০ খন ৷ এই নির্দেশৰ পাছতে কেইবাটাও ৰাজনৈতিক দলৰ নেতৃত্বই ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷