বিশ্বৰ ধনী ব্যক্তিৰ তালিকা প্ৰকাশ কৰিছে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় বার্তালোচনী ফর্বছে ৷ সেই অনুসৰি ধনী ব্যক্তিৰ শীর্ষ স্থান দখল কৰিছে স্পেচএক্স আৰু টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে ৷ আমাজনৰ প্ৰতিষ্ঠাপক জেজ বেজোছক শীৰ্ষ স্থানৰ পৰা স্থানান্তৰিত কৰি তেওঁ আটাইতকৈ ধনী ব্যক্তি হিচাপে বিবেচিত হৈছে ৷ আনহাতে কেইবা গৰাকী ভাৰতীয় ব্যৱসায়ী আৰু উদ্যোগপতিয়ে স্থান লাভ কৰিছে এই তালিকাত ৷ ফর্বছৰ সমীক্ষা অনুসৰি বিশ্বৰ দশম ধনী ব্যক্তি হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী ৷ ইয়াৰ পাছতে একাদশ স্থানত আছে গৌতম আদানি ৷বিশ্বৰ আটাইতকৈ ধনী লোকসকলৰ ৩৬ তম বাৰ্ষিক ৰেংকিঙত ২,৬৬৮ জন ধনকুবেৰে স্থান লাভ কৰিছে ৷ অৱশ্যে বিগত বর্ষৰ তুলনাত ৮৭ জন ধনকুবেৰ তালিকাৰ পৰা বাদ পৰিছে ৷ ব্যৱসায়িক আলোচনীখনৰ মতে ,”যুদ্ধ, মহামাৰী আৰু মন্থৰ বজাৰে” ধনী লোকসকলক ক্ষতি কৰিছে। অৱশ্যে, এবছৰৰ আগৰ তুলনাত এহেজাৰ জন বিলিয়নেয়াৰ সম্পত্তি এই বছৰ অধিক বৃদ্ধি পাইছে ৷
২৩৬ জন ধনকুবেৰে এই তালিকাত স্থান লাভ কৰিছে ৷ ৰাছিয়া আৰু চীনত বিলিয়নেয়াৰৰ সংখ্যা হ্ৰাস পাইছে। ফৰ্বছৰ মতে ব্লাডিমিৰ পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ পিছত ৰাছিয়াত যোৱা বছৰৰ তুলনাত ধনী ব্যক্তিৰ সংখ্যা ৩৪জন হ্ৰাস পাইছে ৷ প্ৰযুক্তি কোম্পানীসমুহৰ বিৰুদ্ধে চৰকাৰী অভিযানৰ পিছত ৮৭ জন বিলিয়নেয়াৰ হ্ৰাস পাইছে চীনত ৷
শীৰ্ষ 10 জন ধনী ভাৰতীয়ৰ সম্পত্তিৰ পৰিমাণ
১) মুকেশ আম্বানী
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আম্বানীয়ে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ দশম ধনী ব্যক্তি হিচাপে তেওঁৰ স্থান বজাই ৰাখিছে ৷ যাৰ মুঠ সম্পত্তি হৈছে ৯০.৭ বিলিয়ন ডলাৰ।
২) গৌতম আদানি
এছিয়াৰ দ্বিতীয় আটাইতকৈ ধনী ব্যক্তি গৌতম আদানিৰ মুঠ সম্পত্তি হৈছে ৯০বিলিয়ন ডলাৰ। তেওঁ বিশ্বৰ ১১ নম্বৰ স্থানত আছে।
৩) শিৱ নাদাৰ
এইচচিএল টেকন’লজিছ লিমিটেডৰ প্ৰতিষ্ঠাপক নাদাৰ হৈছে ভাৰতৰ তৃতীয় আটাইতকৈ ধনী ব্যক্তি ৷ ফৰ্বছৰ মতে তেওঁৰ সম্পত্তি ২২ শতাংশ বৃদ্ধি হৈছে ৷তেওঁৰ মুঠ সম্পত্তি হৈছে ২৮.৭ বিলিয়ন ডলাৰ। তেওঁ বিশ্বৰ ৪৭ নম্বৰ স্থানত আছে।
৪) চাইৰাছ পুনাৱালা
কভিশ্বিল্ড ভেকছিন প্ৰস্তুত কৰা চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ আঁৰৰ পুনাৱালাৰ সম্পত্তি দুগুণ বৃদ্ধি হৈ ২৪.৩ বিলিয়ন ডলাৰ হৈছে ৷ তেওঁৰ আগৰ ৰেংকিঙৰ পৰা চাৰিটা স্থান আগুৱাই বিশ্বৰ ৫৬ নম্বৰ স্থান দখল কৰিছে ৷
৫)ৰাধাকিষাণ দামণি
বিশ্বৰ ৮১ তম স্থানত থকা তথা দেশজুৰি ডি-মাৰ্ট পৰিচালনা কৰা এভিনিউ চুপাৰমাৰ্কেট স্থাপন কৰা দামানীৰ সম্পত্তিৰ মুঠ মূল্য ২০ বিলিয়ন ডলাৰ।
৬) লক্ষ্মী মিট্টাল
বিশ্বৰ সৰ্ববৃহৎ ইস্পাত আৰু খনন উৎপাদন কোম্পানী আৰ্চেলৰ মিট্টালৰ অধ্যক্ষ লক্ষ্মীৰ মুঠ সম্পত্তিৰ মূল্য ১৭.৯ বিলিয়ন ডলাৰ আৰু বিশ্বৰ ৮৯ সংখ্যক ধনী ব্যক্তি ৷
৭) সাবিত্ৰী জিন্দাল
ইস্পাত আৰু শক্তি গোট অ’পি জিন্দল গ্ৰুপৰ মালিক সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তি হৈছে ১৭.৭ বিলিয়ন ডলাৰ ৷ বিশ্বৰ ধনী ব্যক্তিৰ ৯১ তম স্থানত আছে। তেওঁ শীৰ্ষ ১০ জন ধনী ভাৰতীয়ৰ ভিতৰত একমাত্ৰ মহিলা আৰু বিলিয়নেয়াৰৰ তালিকাত ১৩ গৰাকী ভাৰতীয় মহিলাৰ ভিতৰত এগৰাকী।
৮) কুমাৰ বিৰলা
আদিত্য বিৰলা গোটৰ অধ্যক্ষ কুমাৰে বিশ্বত ১০৯ নম্বৰ স্থান লাভ কৰিছে আৰু তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১৬.৫ বিলিয়ন ডলাৰ।
৯) দিলীপ ছাংভী
বিশ্বৰ সৰ্ববৃহৎ ফাৰ্মা কোম্পানীসমুহৰ ভিতৰত চান ফাৰ্মাচিউটিকেলছৰ মালিক ছাংভী বিশ্বৰ ১১৫ তম স্থানত আছে। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১৫.৬ বিলিয়ন ডলাৰ।
১০) উদয় কোটাক
কোটাক মহিন্দ্ৰা বেংকৰ আঁৰত থকা উদয় কোটাকৰ বিশ্বৰ ১২৯তম স্থানত আছে আৰু সম্পত্তিৰ মুঠ মূল্য ১৪.৩ বিলিয়ন ডলাৰ।
তালিকাত থকা আন ভাৰতীয়সকলৰ ভিতৰত আছে আজিম প্ৰেমজী, বাজাজ ভাতৃ, ৰাকেশ ঝুনঝুনৱালা, ফাল্গুনী নায়াৰ ৷